ৰঙিয়া, 17 অক্টোবৰ :অসম চৰকাৰে পুনৰ ল’বলৈ ওলাইছে ১০০০ কোটিৰ ঋণ ৷ ঋণৰ উপৰি ঋণ লৈছে চৰকাৰখনে ৷ এই কথাকে লৈ এতিয়া মন্তব্য প্ৰকাশ কৰিছে ৰঙিয়াৰ দুগৰাকীকৈ প্ৰাক্তন বিধায়কে । ৰঙিয়াৰ এগৰাকী প্ৰাক্তন বিধায়ক অনন্ত ডেকাই বিষয়টো সন্দৰ্ভত মন্তব্য কৰি কয় যে, চৰকাৰে ৰাজ্য চলাবলৈ ঋণ লৈছে যদিও ৰাজ্যখনত প্ৰয়োজনীয় ঠাইত ধনৰ অপব্যৱহাৰ অত্যাধিক হৈছে ।
ৰাজ্যিক স্তৰৰ লগতে তৃণমূল পৰ্যায়তো চৰকাৰী ধন জধেমধে খৰচ কৰা পৰিলক্ষিত হৈছে । বিশেষকৈ চৰকাৰৰ তৰফৰ পৰা শিক্ষকসকলক নতুনকৈ স্কুটী দিবলৈ ওলোৱা বিষয়টো সন্দৰ্ভত মন্তব্য কৰি প্ৰাক্তন বিধায়কগৰাকীয়ে কয় যে, ৰাজ্যত বৰ্তমানেও মাত্ৰ দহ হাজাৰ টকা মাননি লৈ অস্থায়ীভাৱে শিক্ষকতা কৰি থকা বহু শিক্ষক আছে । চৰকাৰে ইতিমধ্যেই শিক্ষকসকলক যথেষ্ট দৰমহা দিয়ে । গতিকে অস্থায়ী শিক্ষকসকলৰ বাবেহে চৰকাৰে এক উচিত পদক্ষেপ গ্ৰহণ কৰা উচিত ।
চৰকাৰে ঋণৰ সমুদায় ধন ব্যয় কৰাৰ ক্ষেত্ৰত প্ৰথমে অগ্ৰাধিকাৰ দি এখন তালিকা প্ৰস্তুত কৰাটো বাঞ্ছনীয় হৈ পৰিছে । নহ’লে অনাগত সময়ত অসমৰ নৱ প্ৰজন্ম বিপদত পৰিব । কাৰণ আজি ঋণ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে হিতাধিকাৰীক সন্তুষ্ট কৰি আছে যদিও দহ বছৰৰ পিচত যেতিয়া ঋণ পৰিশোধৰ সময় আহিব তেতিয়া অসমৰ অৱস্থা চুবুৰীয়া ৰাষ্ট্ৰ শ্ৰীলংকা আৰু পাকিস্তানৰ দৰে হৈ পৰিব ।