ৰঙিয়া, 15জুন: সমগ্ৰ ৰাজ্যতে ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অতি সস্তম ভূমিকা গ্ৰহণ কৰিছে ৷ আৰক্ষী অধীক্ষকসকলে ড্ৰাগছ বিৰোধী অভিযান দিনক দিনে তীব্ৰতৰ কৰি তোলাৰ সমান্তৰালকৈ শতাধিক ড্ৰাগছ সৰবৰাহকাৰী তথা ড্ৰাগছ সেৱনকাৰী ইতিমধ্যে আৰক্ষীৰ অভিযানত জালত পৰিছে ৷ ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে কোটি-কোটি টকা মূল্যৰ ড্ৰাগছ ৷ সমান্তৰালকৈ ৰঙিয়াতো আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে ৷
উল্লেখ্য যে, কিছুদিন পূৰ্বে ড্ৰাগছ সৰবৰাহত জড়িত থকাৰ অভিযোগত ৰঙিয়া আৰক্ষীয়ে এগৰাকী বিজেপি কৰ্মীক গ্ৰেপ্তাৰ কৰিছিল । ইফালে উক্ত ঘটনাটো পোহৰলৈ অহাৰ পাচতে সৰৱ হৈ পৰিছে ৰঙিয়াৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ভৱেশ কলিতা ৷ সাংবাদিকৰ আগত ভবেশ কলিতাই ৰঙিয়াৰ ড্ৰাগছ সেৱনকাৰী আৰু ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে বিজেপি দল তথা চৰকাৰ কঠোৰ হোৱা বুলি সকীয়াই দিয়ে ৷