গুৱাহাটী,11 ছেপ্তেম্বৰ:অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা প্ৰবীন আইনজ্ঞ আব্দুল মুহিব মজুমদাৰ অসুস্থ ৷ বৰ্তমান তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে৷ বাৰ্ধক্যজনিত শাৰীৰিক অসুস্থতাৰ বাবে বৃহস্পতিবাৰে নিশা তেওঁক উন্নত চিকিৎসাৰ বাবে হাইলাকান্দিৰ পৰা গুৱাহাটীলৈ অনা হয়। নিশাই তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ভৰ্তি কৰোৱা হয় ৷ বৰ্তমান তেওঁক আই চি ইউত ৰখা হৈছে ৷ তেওঁৰ অৱস্থা যথেষ্ট সংকটজনক বুলি জানিব পৰা গৈছে ৷
উল্লেখ যে, হাইলাকান্দি সমষ্টিক প্ৰতিনিধিত্ব কৰা আব্দুল মুজিব মজুমদাৰ চাৰিবাৰকৈ বিধায়ক হৈছিল ৷ তেওঁ এটা সময়ত আইন মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল৷ কংগ্ৰেছৰ বৰ্ষীয়ান নেতাজন আই এম ডি টি আইনৰ স্ৰষ্টা আছিল ৷ 91 বছৰীয়া ৰাজনীতিকগৰাকী কংগ্ৰেছৰ ভাল দিনক লৈ যথেষ্ট আশাবাদী ৷ বিগত বৰ্ষত তেওঁ এটা সাক্ষাৎকাৰত কৈছিল যে, কংগ্ৰেছৰ আকৌ ভাল দিন আহিব ৷ অতি সোনকালে এ আই ইউ ডি এফ দল কংগ্ৰেছত চামিল হ’ব আৰু হিমন্ত বিশ্ব শৰ্মা আকৌ কংগ্ৰেছলৈ উভতি আহিব ৷