হাজো, ৪ জুন : প্ৰব্ৰজনকাৰীৰ আগ্ৰাসনত পৰিচয় হেৰুৱাইছে খিলঞ্জীয়াই । খিলঞ্জীয়াৰ অধিকাৰ অৰ্থনৈতিক কৃষি বিপ্লৱেহে ঘুৰাই আনিব । হাজোৰ টেটেলিয়াৰ সনাতন ডেকাৰ ঘৰত উপস্থিত হৈ এই মন্তব্য প্ৰাক্তন আলফা নেতা জীতেন দত্তৰ । বৃহস্পতিবাৰে আলফা নেতা জীতেন দত্তই"যুৱ বাহিনী অসম", "অসম জাতীয় মহাসভা" আৰু "হিন্দু জাগৰণ মঞ্চ"ৰ নেতাৰ সৈতে সনাতন ডেকাৰ ঘৰত উপস্থিত হৈ পৰিয়ালটিক সমবেদনা জ্ঞাপন কৰে । দত্তই অঞ্চলটিত আগ্ৰাসন হোৱা পমুৱা সকলৰ বাবেই এজন থলুৱা কৃষকৰ মৃত্যু হল বুলি আক্ষেপ কৰে । অঞ্চলটোত থিতাপি লোৱা বহিৰাগতক উচ্ছেদ কৰি সেউজ বিপ্লৱেৰে অৰ্থনৈতিক স্বাধীনতা ঘুৰাই অনাৰ পোষকতা কৰে আলফা নেতা গৰাকীয়ে ।
বন্দুকৰ নলীয়েদি নহয় কৃষি বিপ্লৱৰেহে অসমীয়াৰ অস্তিত্ব ঘূৰি আহিবঃ জীতেন দত্ত - দল সংগঠন
হাজোৰ সনাতন ডেকাৰ ঘৰত বৃহস্পতিবাৰে উপস্থিত হয় আলফা নেতা জীতেন দত্ত । প্ৰব্ৰজনকাৰীক উচ্ছেদ কৰিলেহে সনাতন ডেকাৰ পৰিয়ালে শান্তি পাব বুলি নেতা গৰাকীয়ে উল্লেখ কৰে । ন্যায় যুদ্ধত সকলোকে অৱতীৰ্ণ হব'লৈ আহ্বান নেতা গৰাকীৰ ।
![বন্দুকৰ নলীয়েদি নহয় কৃষি বিপ্লৱৰেহে অসমীয়াৰ অস্তিত্ব ঘূৰি আহিবঃ জীতেন দত্ত Formar ulfa leader jiten dutta go to Sanatan deka house](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-07:11-as-kam-802-ulfa-leader-jiten-dutta-green-revolution-7204372-04062020190700-0406f-1591277820-96.jpg)
আনহাতে, হাজো বৰম্বৈৰ পাহাৰ-পৰ্বত বেদখল কৰি তহিলং কৰা বহিৰাগতক উচ্ছেদৰ আহ্বান জনালে বিধায়িকা সুমন হৰিপ্ৰিয়াক । দলং সংগঠন নিৰ্বিশেষে অসমীয়াৰ থলগিৰিৰ অধিকাৰ সাব্যস্ত কৰিবৰ বাবে অৰ্থনৈতিক সংগ্ৰাম খনত এক অসমীয়া হিচাপে কাম কৰিব যাবলৈ আহ্বান নেতাগৰাকীৰ । ইফালে,নেতা গৰাকীৰ আহ্বানক সহাৰি জনাই বৃহস্পতিবাৰে পুনৰ "যুৱ বাহিনী অসম", অসম জাতীয় মহাসভা" আৰু "হিন্দু জাগৰণ মঞ্চ"ৰ কৰ্মকৰ্তাই সনাতন ডেকাৰ পৰিয়ালক আৰ্থিক সহায়ৰ লগতে ন্যায় যুদ্ধত পৰিয়ালটোক সহযোগিতা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে । কৃষক সনাতন ডেকাৰ ঘৰৰ পৰাই থলগিৰি ৰক্ষাৰ সংকল্প উভয় সংগঠনৰ । বহিৰাগত উচ্ছেদ কৰিলেহে সনাতন ডেকাৰ আত্মই শান্তি পাব বুলি মন্তব্য প্ৰদান কৰে । বন্দুকৰ নলীয়েদি নহয় কৃষি বিপ্লৱৰ জৰিয়তেহে অসমীয়াৰ অস্তিত্ব ঘূৰি আহিব বুলি আলফা নেতা গৰাকীয়ে উল্লেখ কৰে । দল সংগঠন নিৰ্বিশেষে এক গোট হৈ সনাতন ডেকাৰ ন্যায় যুদ্ধত সকলোকে অৱতীৰ্ণ হব'লৈ আলফা নেতা গৰাকীয়ে আহ্বান জনাই ।