বকো, 24 ডিচেম্বৰ :ছয়গাঁৱত উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছে এগৰাকী বন বিষয়া ৷ বামুণীগাঁও বন সুৰক্ষা বাহিনীৰ ৰেঞ্জাৰ লক্ষেশ্বৰ দাসক গ্ৰেপ্তাৰ কৰিছে দুৰ্নীতি নিবাৰক শাখাই ৷ উৎকোচ লৈ থকাৰ সময়ত হাতে-লোটে ধৰা পৰে বন বিষয়াগৰাকী ৷
প্ৰাপ্ত তথ্য অনুসৰি, বন বিভাগে জব্দ কৰা বালি ভৰ্তি ডাম্পাৰ মুকলি কৰি দিয়াৰ বাবদ উৎকোচ বিচাৰিছিল বিষয়া গৰাকীয়ে ৷ 60 হাজাৰ টকা বিচাৰিছিল ডাম্পাৰৰ গৰাকীক ৷ এই সন্দৰ্ভত দুৰ্নীতি নিবাৰক শাখাক অৱগত কৰা হৈছিল ৷ চাহাবুল ইছলাম নামৰ ব্যক্তিগৰাকীয়ে বন বিষয়া লক্ষেশ্বৰ দাসক ধন উৎকোচ দিয়াৰ সময়তে দুৰ্নীতি নিবাৰক শাখাৰ দল উপস্থিত হৈ হাতে-লোটে ধৰা পেলাই বিষয়া গৰাকীক ৷