ৰঙিয়া,21ফেব্ৰুৱাৰী:ৰঙিয়াৰ তিনিআলিত ৰাজ্যৰ ভিতৰতে প্ৰথমটো মাছৰ পোনা মুকলি কৰা পৌনিক কেন্দ্ৰ উদ্বোধন কৰে জলসিঞ্চন বিভাগৰ মন্ত্ৰী ভৱেশ কলিতা আৰু বন তথা মীন মন্ত্রী পৰিমল শুক্লবৈদ্যই ৷ পৌনিক কেন্দ্ৰ উদ্বোধন অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কঠোৰ ভাষাৰে সমালোচনা কৰে বিৰোধী দল কংগ্ৰেছক ৷ মন্ত্ৰী গৰাকীয়ে কয় যে, কংগ্ৰেছৰ এগৰাকী মহিলা নেত্ৰীয়ে ডাবল ষ্টেণ্ডাৰ্ড পলিটিক্স কৰি আহিছে । ব্ৰহ্মপুত্ৰ উপত্যকাত কা নালাগে ; কিন্তু বৰাক উপত্যকাত কা লাগে বুলি কংগ্ৰেছে নিকৃষ্ট ৰাজনীতি কৰিবলৈ বিচাৰিছে ৷
এআইইউডিএফৰ কান্ধত উঠি নিৰ্বাচনী বৈতৰণী পাৰ হ'ব চেষ্টা কৰিছে কংগ্ৰেছে !
ৰাজ্যৰ ভিতৰতে প্ৰথমটো মাছৰ পোনা মুকলি কৰা পৌনিক কেন্দ্ৰ উদ্বোধন কৰে জলসিঞ্চন বিভাগৰ মন্ত্ৰী ভৱেশ কলিতা আৰু বন তথা মীন মন্ত্রী পৰিমল শুক্লবৈদ্যই ৷ ৰঙিয়াৰ পৌনিক কেন্দ্ৰ উদ্বোধন কৰি বিৰোধী দল কংগ্ৰেছক কঠোৰ ভাষাৰে সমালোচনা কৰি কয়, এআইইউডিএফৰ কান্ধত উঠি নিৰ্বাচনী বৈতৰণী পাৰ হ'ব চেষ্টা কৰিছে কংগ্ৰেছে ৷
এআইইউডিএফৰ কান্ধত উঠি নিৰ্বাচনী বৈতৰণী পাৰ হ'ব চেষ্টা কৰিছে কংগ্ৰেছে
ইফালে, মিত্ৰজোঁট সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে কয়, কংগ্ৰেছে এআইইউডিএফৰ কান্ধত উঠি নিৰ্বাচনী বৈতৰণী পাৰ হ'ব চেষ্টা কৰিছে ৷ কিয়নো কংগ্ৰেছে নিজৰ হাৰ নিশ্চিত বুলি জানিছে ৷ আনহাতে, কৃষি সন্দৰ্ভত স্থানীয় বিধায়ক ভৱেশ কলিতাই কয়, পেছাগত কৃষক আন্দোলনকাৰীয়ে কৃষকৰ কথা নাভাবে ৷
লগতে পঢ়ক:বছৰৰ তৃতীয়টো অসম ভ্ৰমণত প্ৰতিবাদৰ সন্মুখীন হ’ব নেকি মোডী !