ৰঙিয়া,২৫ আগষ্ট:উত্তৰ কামৰূপ বন-সংমণ্ডলৰ অনুজ্ঞাপত্ৰ থকা ব্যৱসায়িক প্ৰতিষ্ঠানত বন বিভাগৰ অভিযান । ৰঙিয়াৰ কলেজ গেটৰ সমীপত থকা এম এছ বিজয় ফৰেষ্ট প্ৰডিউচ টিম্বাৰ ট্ৰেডিং ডিপোটত বন বিভাগৰ অভিযান । বন বিভাগে জব্দ কৰে এটা কাঠফলা মিল । উত্তৰ কামৰূপ বন-সংমণ্ডলৰ এই অভিযানৰ পিছতে বন বিভাগৰ বিৰুদ্ধে ক্ষুদ্ধ হৈছে প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী ভাৰ্গৱ চৌধুৰী ।
সংবাদ মাধ্যমৰ আগত ভাৰ্গৱ চৌধুৰীয়ে আগবঢ়াই কেতবোৰ বিস্ফোৰক মন্তব্য । চিণ্ডিকেটত বিৰুদ্ধে মাত মতাৰ বাবে উত্তৰ কামৰূপ বন-সংমণ্ডলে অনুজ্ঞাপত্ৰ থকা ব্যৱসায়িক প্ৰতিষ্ঠানখনক বলিৰ পঠা সজাইছে বুলি অভিযোগ উত্থাপন কৰে স্বত্বাধিকাৰীগৰাকীয়ে । সকলো অনুজ্ঞাপত্ৰ থকাৰ পিছতো ওপৰ মহলৰ হেচাত জব্দ কৰিছে কাঠফলা মিলটো ।
কাঠফলা মিলটো জোখতকৈ ১২ ইঞ্চি ডাঙৰ দেখুৱাই কোনো চৰকাৰী নথি অথবা ৰচিদ নিদিয়াকৈ বন বিভাগে মেচিনটো জব্দ কৰা বুলি ক্ষোভ প্ৰকাশ কৰে ভাৰ্গৱ চৌধুৰীয়ে । চৌধুৰীয়ে জনোৱা অনুসৰি যোৱা ১৩ আগষ্টত বন বিভাগত চলি থকা ছিণ্ডিকেটৰাজৰ বিৰুদ্ধে ৰঙিয়াৰ সংবাদ মাধ্যমৰ আগত তথ্য দাঙি ধৰিছিল । সমগ্ৰ উত্তৰ পূৱতে গোবিন্দ চৰকাৰ আৰু খনিন তালুকদাৰে চিণ্ডিকেটৰাজ চলোৱাৰ অভিযোগ আনিছিল তেওঁ ।