অসম

assam

ETV Bharat / state

ছয়গাঁৱত বৃহৎ সংখ্যক অবৈধ কাঠ জব্দ - কামৰূপ জিলাৰ ছয়গাঁৱ সমষ্টি

ছয়গাঁৱ সমষ্টিৰ চাম্পুপাৰা বজাৰত অবৈধ কাঠৰ সন্ধানত মঙলবাৰে নিশা অভিযান চলায় বন বিভাগে ৷ বন সুৰক্ষা বাহিনীৰ ৰেঞ্জ বিষয়া লক্ষেশ্বৰ দাস আৰু কুকুৰমাৰা বিট অফিচাৰ সঞ্জয় কুমাৰ নাথৰ নেতৃত্বত চলে অভিযান ।

Forest department raids in saigaon
ছয়গাঁৱত বৃহৎ সংখ্যক অবৈধ কাঠ জব্দ

By

Published : Dec 16, 2020, 1:44 PM IST

বকো, 16 ডিচেম্বৰ:কামৰূপ জিলাৰ ছয়গাঁৱ সমষ্টিৰ চাম্পুপাৰা বজাৰত অবৈধ কাঠৰ সন্ধানত মঙলবাৰে নিশা অভিযান চলায় বন বিভাগে ৷ পশ্চিম কামৰূপ বন সংমণ্ডলৰ বন সুৰক্ষা বাহিনী, কুকুৰমাৰা বিট অফিচ, গৰৈমাৰী আৰু জোৰশিমুলি আৰক্ষীয়ে যুটীয়াভাৱে চলাই এই অভিযান ।

ছয়গাঁৱত বন বিভাগৰ অভিযান

বন সুৰক্ষা বাহিনীৰ ৰেঞ্জ বিষয়া লক্ষেশ্বৰ দাস আৰু কুকুৰমাৰা বিট অফিচাৰ সঞ্জয় কুমাৰ নাথৰ নেতৃত্বত চলে অভিযান । অভিযান কালত চাম্পুপাৰা বজাৰত অবৈধ ভাৱে চলি থকা তিনিখন ফাৰ্ণিচাৰৰ দোকানত প্ৰায় ১০ লাখ টকাৰ অবৈধভাৱে জমা কৰি থোৱা কাঠ আৰু ফাৰ্ণিচাৰ জব্দ কৰে বুলি জানিবলৈ দিছে বন বিভাগে ৷

উল্লেখ্য যে, জব্দ কাঠখিনি বামুণীগাঁও বনাঞ্চলিক কাৰ্যালয়লৈ লৈ যোৱা হয় ।

লগতে পঢ়ক: চিৰাঙত পুনৰ বন্যহস্তীৰ মৃত্যু

ABOUT THE AUTHOR

...view details