বাইহাটা, 16 জানুৱাৰীঃসমগ্ৰ ৰাজ্য যুৰি পালন কৰা হ'ল হেঁপাহৰ ভোগালী বিহু ৷ কামৰূপৰ অন্তৰ্গত কমলপুৰৰ আল্টা আৰু দ্বিগুনপাৰতো উলহ মালহেৰে পালন কৰা হ'ল ভোগালী বিহু ৷ তেনে সময়তে ভোগালীৰ মেজি জ্বলোৱাত উপস্থিত থাকিল দুগৰাকী বিদেশী পৰ্যটক ৷ সুদুৰ নেদাৰলেণ্ডচৰ পৰা অহা মিচেচ আইৰিচ আৰু মিঃ মেক্স নামৰ দম্পতি হালে অংশ ল'লে কমলপুৰত মেজি জ্বলোৱা কাৰ্যসূচীত ৷ মেজি জ্বলোৱাত উপস্থিত থাকি আপ্লুত হৈ পৰিল বিদেশী দম্পতি হাল ৷
কমলপুৰত মাঘ বিহু উপভোগ কৰিলে বিদেশী দম্পতিয়ে - নেদাৰলেণ্ডচৰ মিচেচ আইৰিচ
নেদাৰলেণ্ডচৰ পৰা অহা মিচেচ আইৰিচ আৰু মিঃ মেক্স নামৰ দম্পতিহালে কমলপুৰত মাঘ বিহুৰ কাৰ্যসূচীত অংশ লৈ আপ্লুত হৈ পৰে ৷
![কমলপুৰত মাঘ বিহু উপভোগ কৰিলে বিদেশী দম্পতিয়ে meji burn](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5725837-469-5725837-1579140518051.jpg)
ভোগালী বিহু