ৰঙিয়া,31 ডিচেম্বৰঃ পৰিৱেশ সুৰক্ষাৰ বাবে সকলো প্ৰকৃতি প্ৰেমীয়ে বিভিন্ন পন্থা অৱলম্বন কৰা দেখিবলৈ পোৱা যায় ৷ তেনে সময়তে নিজৰা ফুকন নামৰ এগৰাকী যুৱতীয়ে প্ৰকৃতি সুৰক্ষাৰ বাবে যোৱা 1 ডিচেম্বৰৰ পৰা পদ যাত্ৰা আৰম্ভ কৰিছে ৷
পৰিৱেশ সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে পদযাত্ৰা এগৰাকী অসমীয়া যুৱতীৰ - চৰাইদেউৰ পৰা দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন
পৰিৱেশ সুৰক্ষাৰ বিষয়ে জনসাধাৰণক সজাগ কৰিবলৈ নিজৰা ফুকন নামৰ এগৰাকী যুৱতীয়ে 1 ডিচেম্বৰৰ পৰা আৰম্ভ কৰিছে পদ যাত্ৰা ৷ চৰাইদেউৰ পৰা দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনলৈ প্ৰায় 2246 কিলোমিটাৰ খোজকাঢ়ি পৰিৱেশ সজাগতা সম্পৰ্কে প্ৰচাৰ কৰিবলৈ চেষ্টা চলাইছে যুৱতী গৰাকীয়ে ৷

যুৱতী গৰাকীয়ে চৰাইদেউৰ পৰা দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনলৈ প্ৰায় 2246 কিলোমিটাৰখোজকাঢ়ি পৰিৱেশ সজাগতা সম্পৰ্কে প্ৰচাৰ কৰিবলৈ চেষ্টা চলাইছে। চৰাইদেউৰ পৰা দিল্লীলৈ ইমান দীঘল পথ অতিক্ৰম কৰিবলৈ তেওঁ প্ৰতিদিনে প্ৰায় 30 কিলোমিটাৰ পথ খোজকাঢ়ে। উল্লেখ্য যে এই যাত্ৰাত তেওঁ 6 খন ৰাজ্য পাৰ কৰিব,য'ত তেওঁ প্ৰায় 50 হেজাৰ লোকক প্ৰত্যক্ষভাৱে পৰিৱেশ সুৰক্ষা সম্পৰ্কে বুজাবলৈ চেষ্টা কৰিব। আনহাতে নিজৰাই ভাৰতৰ ৰাষ্ট্ৰপতি,প্ৰধানমন্ত্ৰী,কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰীৰ হাতত পৰিৱেশ সুৰক্ষা সম্পৰ্কে এখন স্মাৰক পত্ৰ নিজহাতে প্ৰদান কৰিব।
লগতে পঢ়ক - প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহত অগ্নিকাণ্ড