কামৰূপ, 14 জুলাইঃ কামৰূপ জিলাৰ কমলপুৰৰ আঠগাৱত উপস্থিত হয় বিধায়ক সত্যব্ৰত কলিতাৰ সৈতে মন্ত্ৰী ফণীভূষণ চৌধুৰী। বান পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যে উপস্থিত হয় মন্ত্ৰী ফণীভূষণ চৌধুৰী আৰু বিধায়ক সত্যব্ৰত কলিতা ৷
অতি শীঘ্ৰে ভগ্ন মথাউৰি নিৰ্মাণ হ'বঃ ফণীভূষণ চৌধুৰী যোৱা ১২ জুলাইত পুঠিমাৰি নদীৰ প্ৰবল সোতে আঠগাঁৱৰ কাবিলাত চিঙি পেলাইছিল মথাউৰি । মথাউৰিটো চিঙি নিয়াৰ ফলত নৈ খনৰ পানীয়ে বুৰাই পেলাইছিল প্ৰায় ২৫ খনকৈ গাঁও । সেই বানত ঘৰ দুৱাৰ,পশুধনৰ লগতে বহু সা-সম্পত্তি ক্ষতি সাধন হয় ৰাইজৰ ৷
মঙলবাৰে পুঠিমাৰি নদীৰ ভগ্ন মথাউৰি পৰিদৰ্শন কৰে ৰাজ্য চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ লগতে উপস্থিত থাকে স্থানীয় বিধায়ক সত্যব্ৰত কলিতা। পৰিস্থিতি পৰিদৰ্শন কৰি সাংবাদিকৰ আগত ভগ্ন মথাউৰিটোৰ পুনৰ নিৰ্মাণৰ কাম অতি শীঘ্ৰে আৰম্ভ কৰা হ'ব বুলি উল্লেখ কৰে বিধায়ক সত্যব্ৰত কলিতাই । ইফালে ভগ্ন মথাউৰিৰে পানী সোমায় বিস্তৰ ক্ষতিগ্ৰস্ত হোৱা দুটা পৰিয়ালক সকলো খাদ্য সামগ্ৰী খোৱাপানী আদি যোগান ধৰে দুয়োজন মন্ত্ৰী- বিধায়কে ৷ অতি শীঘ্ৰে উক্ত বানত অন্য ক্ষতিগ্ৰস্ত লোক সকলকো সহায়ৰ হাত আগবঢ়োৱা হ'ব বুলি উল্লেখ কৰে বিধায়ক গৰাকীয়ে ।
ইফালে যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে কয় যে,দুই এদিনৰ ভিতৰতে কাবিলাত চিঙি যোৱা মথাউৰিটো পুনৰ মেৰামতি কৰিবলৈ জল সম্পদ বিভাগৰ বিভাগীয় কৰ্তৃপক্ষক দায়িত্ব দিয়া হৈছে ৷ ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনা হোৱাৰ উপৰিও তেওঁলোকৰ বিষয়ববীয়াই যাবতীয় সকলো প্ৰস্তুতি চলাইছে বুলি সদৰি কৰিছে ৷ লগতে বুধবাৰৰ পৰাই এই মথাউৰি মেৰামতিৰ কাম চলিব বুলি উল্লেখ কৰে ফণীভূষণ চৌধুৰীয়ে ৷ লগতে বানাক্ৰান্ত সকলো লোককে উপযুক্ত ক্ষতি পূৰণ দিয়া হ'ব বুলি মন্তব্য কৰে মন্ত্ৰী জনে ৷
লগতে পঢ়ক- ঘন্টাত এক ছেন্টিমিটাৰকৈ বাঢ়িছে লুইতৰ পানী