বাইহাটা চাৰিআলি,17 ফেব্ৰুৱাৰীঃ বগা হাতীত পৰিণত হৈছে ৰাজ্যৰ বহু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনি । ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে জনস্বাস্থ্য কাৰিকৰী বভাগে কোটি কোটি টকা খৰচ কৰি খোৱা পানী যোগান আঁচনি সমূহ নিৰ্মাণ কৰি উলিয়াইছে ঠিকেই কিন্তু উপযোগীকৈ ৰাইজে লাভ কৰা নাই বিশুদ্ধ খোৱাপানী । অধিকাংশ খোৱাপানী যোগান আঁচনিয়ে বৰ্তমান হৈ পৰিছে বিকল ।
এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ ! বিকল কোটি টকীয়া পানী যোগান আঁচনি - বাইহাটা চাৰিআলিৰ কলমনি গাঁৱৰ জনাস্বাস্থ্য কাৰিকৰী বিভাগ
কুৰ্ম মাধৱ দেৱালয়লৈ অহা ভক্তৰ লগতে স্থানীয় ৰাইজৰ মাজত বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ পৰিস্থিতি । বছৰ-বছৰ ধৰি বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত বহু স্থানীয় লোক ৷
তেনেকুৱা এটি মৃতপ্ৰায় আঁচনি হৈছে বাইহাটা চাৰিআলিৰ কলমনি গাঁৱৰ জনাস্বাস্থ্য কাৰিকৰী বিভাগৰ খোৱাপানী যোগান আঁচনি । কলমনি গাঁৱস্থিত ঐতিহ্যমণ্ডিত কুৰ্ম মাধৱ দেৱালয়ে বিশুদ্ধ খোৱাপানীৰ যোগান পাবৰ বাবে দান কৰিছিল দেৱালয়ৰ মাটি । কিন্তু প্ৰায় দুবছৰ পানী যোগান দিয়াৰ পিচৰে পৰা বন্ধ হৈ পৰি আছে পানী যোগান আঁচনিখন । চাৰি পাঁচ বছৰ পৰা এইদৰে আঁচনিখন বন্ধ হৈ থকাৰ ফলত বিশুদ্ধ খোৱা-পানীৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে দেৱালয়লৈ অহা ভক্তৰ লগতে ইয়াৰে স্থানীয় ৰাইজ । সেয়ে অতি সোনকালে আঁচনিখন কাৰ্যক্ষম কৰাৰ বাবে অনুৰোধ জনাইছে স্থানীয় ৰাইজে । ইপিনে এটা চৰকাৰী চাকৰিৰ আশাত বহুতে জনস্বাস্থ্য কাৰিকৰী বিভাগক মাটি দান কৰিছে যদিও বৰ্তমানলৈকে লাভ কৰা নাই চাকৰি ৷