ৰঙিয়া, 15 জুলাই : বানে ধোৱা ৰঙিয়াৰ হাচানটুকত বিধ্বস্ত হৈছে যাতায়ত ব্যৱস্থা । হাচানটুক অঞ্চলক ৰঙিয়াৰ সৈতে সংযোগ কৰা মূল পথটো এই বছৰৰ বৰলীয়া নৈৰ বানত ছিঙি গৈছিল । পথটোৰ প্ৰায় 50 ফুট দৈৰ্ঘ পথ পুঠিমাৰী নৈৰ বানে উটুৱাই নিছিল । বানৰ সময়ত ঠায়ে ঠায়ে পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱাৰ বিপৰীতে কৰবাত যদি একঁকাল পানী আন কৰবাত আকৌ এবুকু পানীৰ সৃষ্টি হৈছিল । যাৰ ফলত সম্পুৰ্ণৰূপে যাতায়ত বন্ধ হৈ ব্যাপক সমস্যাৰ মুখামুখি হৈছিল বন্যাৰ্ত ।
পানী শুকাই যোৱাৰ পিছতো একেই থাকিল পথটোৰ অৱস্থা । বৰ্তমান ঠায়ে ঠায়ে পথটো মাত্ৰ দুই ফুট পৰ্যন্তহে বহল হৈ আছে । লগতে পথৰ দাঁতিত আৰু মাজভাগত বৃহৎ গাঁত থকা বাবে দিনৰ লগতে নিশাৰ ভাগত পথটোৰে যাতায়ত যথেষ্ট বিপদজনক হৈ পৰিছে । পথটোৰ কিছু অংশ সম্পূৰ্ণ ছিঙি যোৱাৰ ফলত বহু লোকে নিজৰ বাহন পথটোৰ আনটো পাৰে থৈ খোজকাঢ়ি যাতায়ত কৰিবলৈ বাধ্য হৈছে । আনহাতে জৰুৰীকালীন সেৱাৰ গাড়ীসমুহো পথটোৰ দুৰৱস্থাৰ বাবে অঞ্চলটোৰ ভিতৰলৈ যাব নোৱাৰে বুলি স্থানীয় লোকে উল্লেখ কৰে ।