নিউজডেস্ক, ১৯ জুলাইঃ জোনাইত বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও শিবিৰৰ পৰা বৰ্তমানেও ঘৰলৈ ঘূৰি যাব পৰা নাই শ শ বন্যাৰ্ত | জোনাইত প্ৰশাসনে স্থাপন কৰা দুখনকৈ আশ্ৰয় শিবিৰত থকা শ শ বনাৰ্ত্যৰ মাজত খাদ্য, খোৱা পানীৰ সংকটতে দেখা দিয়াৰ মাজতে শুকুৰবাৰে মিচিং স্বায়ত্ত শাসিত পৰিষদৰ গণশক্তি দলৰ কেইবাগৰাকী কাৰ্যনিৰ্বাহক সদস্যৰ লগতে পঞ্চায়ত প্ৰতিনিধিয়ে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু জোনাই বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত থকা প্ৰায় ডেৰশতাধিক বন্যাৰ্তক মাংস ভাতেৰে এসাজ পেট ভৰাই ভাত খোৱাৰ ব্যৱস্থা কৰে ৷
বানাক্ৰন্তই খালে মাংস ভাত! কিন্তু ক'ত ? - SDRF
জোনাইত বান শিবিৰত থকা শ শ বন্যাৰ্তক গণশক্তি দলৰ মাংসৰে এসাঁজ ভাত ৷ লগতে বিপিএফে তামুলপুৰ জিলা যুৱ বিপিএফৰ সহযোগত ঔষধযুক্ত আঠুৱা বিতৰণ কৰে ৷
![বানাক্ৰন্তই খালে মাংস ভাত! কিন্তু ক'ত ?](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3890171-thumbnail-3x2-k.jpg)
জোনাইৰ বান শিবিৰত মাংস ভাতেৰে বন্যাৰ্তক আপ্যায়ন
জোনাইৰ বান শিবিৰত মাংস ভাতেৰে বন্যাৰ্তক আপ্যায়ন
ইপিনে সমগ্ৰ ৰাজ্যৰ লগতে মহানগৰীৰ বহু অঞ্চল বুৰ গৈছিল বানত । শুকুৰবাৰে ভাৰত সেৱাশ্ৰম সংঘই বানত ক্ষতিগ্ৰস্ত হোৱা লোকৰ মাজত ফেনাইল, ব্লিচিং পাউদাৰ আদি বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰে । আনহাতে তামুলপুৰ মহকুমাৰ গোৰেশ্বৰৰ পশ্চিম বালাবাৰী গাঁৱৰ ৰাইজৰ মাজত গোৰেশ্বৰ ব্লক যুৱ বিপিএফে তামুলপুৰ জিলা যুৱ বিপিএফৰ সহযোগত ঔষধযুক্ত আঁঠুৱা বিতৰণ কৰে ৷
জোনাইৰ বান শিবিৰত মাংস ভাতেৰে বন্যাৰ্তক আপ্যায়ন