গুৱাহাটী, ২১ জুন : চলিত বৰ্ষত বৰ্তমানলৈকে দুটাকৈ ভয়াৱহ বানত ৰাজ্যত ধন-জনৰ বিস্তৰ ক্ষতি হৈছে (Flood effected Assam badly) । হাজাৰ মানুহৰ ঘৰ-দুবাৰ ক্ষতিগ্ৰস্ত হৈছে । শতাধিক লোকৰ প্ৰাণ গৈছে । হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমিৰ বিস্তৰ ক্ষতিসাধন হৈছে (Farm land effected by flood in Assam)। হাজাৰ হাজাৰ মানুহ এতিয়াও আশ্ৰয় শিবিৰত আছে । চৰকাৰে পশ্চাৎপট অঞ্চলৰ বানগ্ৰস্ত এলেকাৰ বনাৰ্তসকলক বান সাহায্য যোগান ধৰাত ব্যৰ্থ হৈছে (Govt. failed to distribute relief matter) । যিবোৰ বানগ্ৰস্ত এলেকাক বান সাহায্য যোগান ধৰিছে সেয়া পৰ্যাপ্ত নোহোৱাৰ অভিযোগ পোৱা গৈছে ।
চলিত বাৰিষাৰ বানত এই পর্যন্ত ২০ হাজাৰটা ঘৰ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছে (20000 houses totally destroyed by flood) । ৰাজহ বিভাগৰ তথ্য অনুসৰি, ইয়াৰে সৰহখিনিয়ে পকীঘৰ । এই পর্যন্ত ১,৪৫,৭৮৭টা ঘৰ আংশিকভাৱে বিধ্বস্ত হৈছে । গুৰুত্বপূৰ্ণ কথাটো হৈছে, সম্পূৰ্ণৰূপে বিধ্বস্ত ঘৰৰ ক্ষেত্ৰত (ভৈয়ামত) চৰকাৰে মাত্র ৯৫,১০০ টকা ক্ষতিপূৰণহে দিয়ে । অথচ, বর্তমান সময়ত প্রধানমন্ত্রী ২০১৫ৰ মেনুৱেল অনুসৰি আৱাস যোজনাৰ অধীনত গৃহ নিৰ্মাণৰ (Pradhan Mantri Awas Yojna) বাবেই ডেৰ লাখ টকাৰ অনুদান দিয়া হয় ।
ইপিনে মেনুৱেল অনুসৰি, পকীঘৰ একোটা আংশিকভাৱে বিধ্বস্ত হ'লে চৰকাৰে ক্ষতিপূৰণ দিয়ে মাত্র ৫,২০০ টকা, কেঁচাঘৰৰ ক্ষেত্ৰত ক্ষতিপূৰণৰ পৰিমাণ হৈছে মাত্র ৩,২০০ টকা । লক্ষণীয় যে চৰকাৰে এতিয়াও প্রাকৃতিক দুর্যোগৰ সাহায্য আৰু ক্ষতিপূৰণ ২০১৫ চনৰ মেনুৱেল অনুসৰিয়ে দি আছে । মেনুৱেলখন সংশোধনীৰ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰৰ বিবেচনাধীনহে হৈ আছে (relief manual under consideration of Central Govt.)। বানবিধ্বস্ত ঘৰ-বাৰীৰে সন্মুখত অন্ধকাৰ দেখা এই পৰিয়ালসমূহে মাত্র ৯৫ হাজাৰ টকাৰ চৰকাৰী সাহায্যৰে কেনেকৈ থাউনি পাব, প্রশাসনে যুক্তিপূর্ণভাৱে বিষয়টো বিবেচনা কৰা প্ৰয়োজন ।