দক্ষিণ কামৰূপ, 28 জুলাই : ত্ৰমাৎ জটিল হৈছে ৰাজ্যৰ বান পৰিস্থিতি ৷ প্ৰতিদিনেই বানপানীত বুৰ গৈছে নতুন-নতুন অঞ্চল ৷ ইতিমধ্যে,বানাক্ৰান্ত ৰাইজে ঘৰ-মাটি এৰি মথাউৰি বা আশ্ৰয় শিবিৰত বাস কৰাৰ উপক্ৰম হৈছে ৷ ৰাজ্যৰ অন্য জিলাৰ লগতে কামৰূপ জিলাৰ দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলো বানপানীৰ কবলত পৰিছে ৷ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত নহিৰা অঞ্চল বানপানীৰ কবলত পৰি বানপীড়িত ৰাইজে ঘৰ-মাটি হেৰুওৱাৰ উপক্ৰম হৈছে ৷
মঙলবাৰে বানত বুৰ যোৱা নহিৰা অঞ্চলত উপস্থিত হৈছে দক্ষিণ কামৰূপৰ একাংশ বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষাৰ্থী ৷ "আকাংশা অসম" নামৰ এক বেচৰকাৰী সংস্থাৰ উদ্যোগত নহিৰাৰ প্ৰায় 250 জন বানাক্ৰান্তৰ মাজত বিতৰত কৰিলে প্ৰয়োজনীয় সামগ্ৰী ৷ সংস্থাটোৰ শিক্ষাৰ্থী সকলে প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ লগতে মাস্ক,চেনিটাৰী নেপকিন,ব্লিচিং পাউদাৰ আদি বিতৰণ কৰে ৷