অসম

assam

By

Published : Jul 15, 2020, 7:20 PM IST

ETV Bharat / state

পুঠিমাৰী-বৰলীয়াৰ বানে সকলো কাঢ়ি নিলে বন্যাৰ্তৰ

বাৰিষা হ'লেই কালৰূপ ধাৰণ কৰা পুঠিমাৰী আৰু বৰলীয়া নৈৰ বানত ক্ষতিগ্ৰস্ত হৈছে ৰঙিয়াৰ একাংশ লোক ৷ একো গমেই নাপালে তেওঁলোকে ৷ মথাউৰি ভাঙি সোমোৱা বাঢ়নী পানীয়ে তৎক্ষণাত উটুৱাই লৈ গ'ল ঘৰ-দুৱাৰ, কানি-কাপোৰ, ধান-চাউল আদি সকলো ৷ অ'ত ত'ত পৰি থাকিল মাথোঁ দুখন মান টিন পাত আৰু দুই এপদ লাম-লাকটু ।

assam flood
assam flood

ৰঙিয়া, 15 জুলাই : ৰঙিয়া ৰাজ্যত এতিয়া বানৰ বিভীষিকা ৷ বাৰিষা হ'লেই কালৰূপ ধাৰণ কৰা পুঠিমাৰী আৰু বৰলীয়া নৈৰ বানত ক্ষতিগ্ৰস্ত হৈছে ৰঙিয়াৰ একাংশ লোক ৷ একো গমেই নাপালে তেওঁলোকে ৷ মথাউৰি ভাঙি সোমোৱা বাঢ়নী পানীয়ে তৎক্ষণাত উটুৱাই লৈ গ'ল ঘৰ-দুৱাৰ, কানি-কাপোৰ, ধান-চাউল আদি সকলো ৷ অ'ত ত'ত পৰি থাকিল মাথোঁ দুখন মান টিন পাত আৰু দুই এপদ লাম-লাকটু । দমকল আৰু কুঁৱা সমূহ পানীত ডুবি থকাত বিশুদ্ধ খোৱা পানীটোপাৰ বাবেও হাহাকাৰ হৈছে এইসকল লোকৰ।

পুঠিমাৰী-বৰলীয়াৰ বানে সকলো কাঢ়ি নিলে বন্যাৰ্তৰ

বাৰিষাৰ বলিয়া বানত এই পৰ্যন্ত ৰাজ্যত ক্ষতিগ্ৰস্ত হৈছে ৰাজ্যৰ 28 জিলাৰ 3371 খন গাঁও ৷ প্লাৱিত হৈছে 128,49,522 হেক্টৰ কৃষি ভূমি ৷ আনহাতে, সমগ্ৰ ৰাজ্যত বানত আক্ৰান্ত হৈছে প্ৰায় 32,94,127 গৰাকী জনতা আৰু প্ৰলয়ংকৰী বানে ৰাজ্যত প্ৰাণ কাঢ়িছে 59 গৰাকীৰ ৷

প্ৰতিবাৰেই বান আহে, প্ৰতিবাৰে নিথৰুৱা হৈ পৰে এইসকলৰ দৰে অসংখ্য লোক ৷ এতিয়া ক'ত থাকিব, কেনেকৈ গোটেই জীৱনৰ কষ্টৰে সজা ঘৰখন পুনৰাই সাজি উলিয়াব, তাকে ভাবি পাৰ নোপোৱা হৈছে তেওঁলোকে। এইয়া মাত্ৰ এটা উদাহৰণহে ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বন্যাৰ্তই এতিয়া হাহাকাৰ কৰিব লগীয়া হৈছে বানৰ সোঁতত চকুলো বোৱাই ৷

লগতে পঢ়ক :কাজিৰঙাৰ সোণালী বাঘক লৈ নতুন বিতৰ্ক !

ABOUT THE AUTHOR

...view details