অসম

assam

ETV Bharat / state

বানত ক্ষতিগ্ৰস্ত ৰঙিয়াৰ চিৰাখুন্দিৰ কৃষক সমাজ - কৃষক

প্ৰায় তিনিমাহ পূৰ্বে হোৱা প্ৰলয়ংকৰী বানৰ ফলত এতিয়াও ক্ষতিগ্ৰস্ত হৈ আছে ৰঙিয়াৰ বহু অঞ্চল ৷ বানে উটুৱাই নিছে শতাধিক খেতিয়কৰ হাজাৰ হাজাৰ বিঘা মাটিৰ শস্য ৷ চৰকাৰলৈ ক্ষতিপূৰণ আৰু সাহাৰ্যৰ দাবী জনাইছে ভুক্তভোগী খেতিয়কসকলে ৷

Flood destroyed Paddy fields in Rangia
বানত বিস্তৰভাৱে ক্ষতিগ্ৰস্ত ৰঙিয়াৰ চিৰাখুন্দিৰ কৃষক সমাজ

By

Published : Oct 2, 2020, 5:38 PM IST

ৰঙিয়া,2 অক্টোবৰ: ৰঙিয়াৰ বগৰীবাৰীত মথাউৰি ছিঙি যোৱাৰ পাচৰে পৰা এতিয়াও বানৰ কবলত আছে ৰঙিয়াৰ বহু অঞ্চল। এই অঞ্চলসমূহৰ ভিতৰত ৰঙিয়াৰ চিৰাখুন্দিও সম্প্ৰতি বানৰ কৱলত । বানত বিস্তৰভাৱে ক্ষতিগ্ৰস্ত অঞ্চলটোৰ কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।

বানত বিস্তৰভাৱে ক্ষতিগ্ৰস্ত ৰঙিয়াৰ চিৰাখুন্দিৰ কৃষক সমাজ

বানৰ বাবে বিনষ্ট হৈছে অঞ্চলটোৰ খেতিপথাৰ। প্ৰায় তিনিমাহ পূৰ্বে হোৱা প্ৰলয়ংকৰী বানত চিৰাখুন্দি অঞ্চলৰ শতাধিক খেতিয়কৰ হাজাৰ হাজাৰ বিঘা মাটিৰ শস্য বিনষ্ট হৈছিল। অতি কষ্টেৰে কৰা খেতিডৰা এনেদৰে বিনষ্ট হোৱাত মূৰে কঁপালে হাত দিবলগীয়া হৈছে দুৰ্ভগীয়া কৃষকসকল।

ইয়াৰোপৰি পথাৰসমূহত বালিৰ ডাঠ তৰপ পৰাৰ ফলত অনাগত কেইবাবছৰ ধৰি অঞ্চলটোত নতুনকৈ খেতি নহ’ব বুলি আশংকা প্ৰকাশ কৰিছে কৃষকসকলে । কৃষি প্ৰধান এই বৃহত্তৰ অঞ্চলটোৰ অধিকাংশ লোকে এতিয়া জীৱিকাৰ পথ হেৰুৱাই হাহাকাৰ কৰিব লগাত পৰিছে । ইমানৰ পাচতো কৃষি বিভাগে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে দুৰ্ভগীয়া কৃষক সমাজে। জীৱিকা হেৰুওৱা ভুক্তভোগী খেতিয়কসকলে চৰকাৰলৈ ক্ষতিপূৰণ আৰু সাহাৰ্যৰ দাবী জনাইছে ৷

লগতে পঢ়ক:চতিয়াৰ চকীঘাটত আইন মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন মন্ত্ৰী হিমন্তৰ

ABOUT THE AUTHOR

...view details