দক্ষিণ কামৰূপ,14জুলাইঃ দেশজুৰি কৰ'ণা মহামাৰিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সমান্তৰলকৈ ৰাজ্যত সংহাৰী ৰূপ লৈছে বানে । ৰাজ্যত হৈ থকা ধাৰাষাৰ বৰষুণৰ আৰু নীপকোই এৰি দিয়া পানীৰ ফলত ব্ৰহ্মপুত্ৰৰ জলষ্ঠৰ বৃদ্ধি পাইছে । ফলত ৰাজ্যৰ বহু ঠাই বানৰ কবলত পৰিছে । দক্ষিণ কামৰূপৰ পলাশবাৰীৰ পৌৰ সভাৰ অধীনৰ বহু কেইটা অঞ্চলৰ লগতে বিজয়নগৰৰ দখলাৰ কিছু অঞ্চল বানৰ কবলত পৰিছে । উল্লেখযোগ্য যে, প্ৰত্যক বছৰে বানত বুৰ যায় অঞ্চলসমূহ । কিন্তু চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ।
পলাশবাৰীত বানৰ সংহাৰী ৰূপ - ব্ৰহ্মপুত্ৰত পলাশবাৰীৰ পৰা শুৱালকুচি লৈ দলং নিৰ্মাণ
ৰাজ্যত সংহাৰী ৰূপ লৈছে বানে। বানত ডুব গৈছে ৰাজ্যৰ বহু কেইখন জিলাৰ বহু অঞ্চল । তাৰ সমান্তৰাল ভাৱে কামৰূপ জিলাৰ পলাশবাৰী অঞ্চলৰ বহু কেইটা অঞ্চল এতিয়া বানৰ কৱলত।
ইপিনে ব্ৰহ্মপুত্ৰত পলাশবাৰীৰ পৰা শুৱালকুচি লৈ দলং নিৰ্মাণ কৰাৰ উদ্দেশ্যে কিছু অংশ মাথাউৰীৰ কাম এতিয়াও সম্পুৰ্ণ হৈ উঠা নাই । ফলত বানত ডুব যায় অঞ্চলসমূহ । বছৰে বছৰে যথেষ্ট পৰিমানে ক্ষতি সন্মূখীন হ‘ব এইসকল লোকৰ । আনহাতে বানৰ বাবে আলাই অথানি হৈছে পশুধনৰ । ইফালে পলাশবাৰীৰ বানাক্ৰান্ত লোক সকলে মাথাউৰীৰ ওপৰতে নিজাববীয়াকৈ অস্থায়ী শিবিৰ নিৰ্মান কৰি আশ্ৰয় গ্ৰহণ কৰিছে । শিবিৰত বৃদ্ধ, শিশুকে ধৰি সকলো বানাক্ৰান্তই নিজৰ বাসগৃহ এৰি আহি আশ্ৰয় লৈছে । জিলা প্ৰশাসন তথা জনপ্ৰতিনিধিৰ সময় নাই এই সকল লোকৰ অৱস্থাৰ বুজ লবলৈ । ২৪ ঘণ্টা উকলি যোৱাৰ পিছতো উপস্থিত নহ'ল পলাশবাৰীৰ বিধায়ক প্ৰণৱ কলিতা । ইপিনে নিশাটোৰ ভিতৰতে হুৰা-হুৰে ব্ৰহ্মপুত্ৰৰ পৰা অঞ্চলটোলৈ পানী সোমোৱাত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চলতোত । উল্লেখযোগ্য যে, বৰ্তমান পৰ্যন্ত ৰাজ্যত 86 টা ৰাজহ চক্ৰ এলেকা বানৰ কবলত থকাৰ বিপৰীতে 2,763 খন গাঁও বানত প্লাৱিত হৈছে ৷ 1,03,806,15 হেক্টৰ ভূমি বানৰ কৱলত পৰাৰ লগতে 21,63,010 গৰাকী ব্যক্তি বানত ক্ষতিগ্ৰস্ত হোৱা দেখা হৈছে ৷ সোমবাৰৰ দিনটোতে ৰাজ্যত বানৰ ফলত 6 জনকৈ ব্যক্তি মৃত্যু মুখত পৰাৰ বিপৰীতে সমগ্ৰ ৰাজ্যখনত বৰ্তমান বানৰ ফলত মৃত্যু হোৱা ব্যক্তিৰ সংখ্যা 50 জনলৈ বৃদ্ধি পাইছে ৷
লগতে পঢ়কঃ ৰাজ্যৰ পুনৰ 1001 গৰাকী আক্ৰান্ত কোভিড-19 ত