কামৰূপ,1জুলাইঃনেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত দ্ৰুতগতিত বাঢ়িছে বানপানী । নিতৌ ৰাজ্যৰ ন-ন অঞ্চল বুৰ গৈছে বানপানীত । ঠাই বিশেষে বিপদ সীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ পানী । কৰ'ণা অব্যাহত থকাৰ সময়তে এই বানপানীয়ে দিশহাৰা কৰিছে বানাক্ৰান্ত ৰাইজক । শেহতীয়াকৈ পানীত বুৰ গ'ল গুৱাহাটী বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ ৷ কৃত্ৰিম বানত বুৰ গ'ল উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ সদৃশ আন্তৰ্জাতিক বিমানবন্দৰটোৰ কিছু অংশ ৷ বিমানবন্দৰটোলৈ প্ৰৱেশ কৰা পথটোৰ ওপৰত পানী,গাড়ী পাৰ্কিং কৰা ঠাইও এতিয়া ভৰি পৰিছে পানীৰে ৷ পানীত বুৰ গ'ল টেক্সি কাউন্টাৰো ৷
বিমানবন্দৰত কৰ'ণাৰ বাবে সেনাৰ লোকক আদৰিবলৈ নিৰ্মাণ কৰা কেম্পো এতিয়া পানীত বুৰ গৈছে ৷ বিমানবন্দৰৰ পৰা ওলাই যোৱা পথ ভৰি পৰিছে পানীৰে ৷ বিমানবন্দৰত পানী জমা হোৱাৰ পিছত এই পানীসমূহ ওলাবলৈ নাই বিশেষ নলা-নৰ্দমা ৷ যি কেইটা আছে সেইকেইটাৰ বহন ক্ষমতা যথেষ্ট কম যাৰ ফলত প্ৰত্যেক বছৰেই বাৰিষাৰ সময়ত পানীত বানত বুৰ যায় বিমানবন্দৰ । বিমানবন্দৰটোত বহু ধৰণৰ ন-ন অত্যাধুনিক ব্যৱস্থা সংলগ্ন কৰা হৈছে যদিও নলা-নৰ্দমাৰ ব্যৱস্থা পুৰণি হৈয়ে আছে । ইফালে বিভাগীয় কৰ্তৃপক্ষই বৰ্তমানলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই এই ক্ষেত্ৰত ৷