অসম

assam

By

Published : May 27, 2020, 5:11 PM IST

ETV Bharat / state

বকোত বানৰ ফলত প্লাৱিত বিস্তীৰ্ণ অঞ্চল

বকোত ভয়ংকৰ বান ৷ ইতিমধ্যে বানত বুৰ গৈছে বহু চৰকাৰী কাৰ্যালয়ৰ লগতে চিগি গৈছে পথ ৷ ফলত স্তব্ধ হৈ পৰিছে সাধাৰণ জন-জীৱন ৷

ETV BHARAT
বকোত প্লাৱিত বিস্তীৰ্ণ অঞ্চল

কামৰূপ, 27 মেঃকামৰূপ জিলাৰ বকোত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ মেঘালয়ৰ পৰা নামি অহা বাঢ়নী পানীত বুৰ গৈছে বকোৰ বিস্তীৰ্ণ অঞ্চল । বকো আৰক্ষী থানা, বন বিভাগৰ কাৰ্যালয়ৰ লগতে বকো অঞ্চলৰ বহুকেইটা চৰকাৰী কাৰ্যালয় ইতিমধ্যে বানত বুৰ যায় । ইফালে চুকুনীয়াপাৰা-হাহিম সংযোগী পথৰ উলুপাৰাত পানীৰ সোঁতে উটুৱাই নিয়ে নৱ নিৰ্মিত পথৰ একাংশ । যাৰ ফলত বিছিন্ন হৈ পৰিছে যাতায়াত । একাংশ স্থানীয় লোকে একাঠু পানীৰ মাজেৰেই যাতায়াত কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

বকোত প্লাৱিত বিস্তীৰ্ণ অঞ্চল

আনফালে, বকো-পয়ৰাংগা পথটো পানীত বুৰ যোৱাৰ পিছতো বিকল্প পথৰ অভাৱত যাতায়ত অব্যাহত ৰাখিছে ৰাইজে । ফলত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ জিলাখনৰ বিভিন্ন অঞ্চল প্লাৱিত হোৱাৰ ফলত ঘৰ-দুৱাৰৰ লগতে বহু সা-সম্পত্তি নষ্ট হয় ৷ আনহাতে, অতিশীঘ্ৰে উলুপাৰা পথটো মেৰামতি কৰি যাতায়াতৰ বাবে সু-ব্যৱস্থা কৰি দিবলৈ চৰকাৰ প্ৰশাসনৰ লগতে বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে ৷

লগতে পঢ়ক-জলমগ্ন গোৱালপাৰা, কি কয় স্থানীয় ৰাইজে !

ABOUT THE AUTHOR

...view details