বানৰ ফলত তীব্ৰ ভাবুকি পানীখাইটীবাসীলৈ - কামৰূপ
প্ৰতি মিনিটত বাঢ়ি আহিছে লুইতৰ পানী ৷ বানত বুৰ গৈছে বহু ঘৰ দুৱাৰ ৷
বানত বুৰ গৈছে বহু ঘৰ দুৱাৰ
কামৰূপ, 15 জুলাইঃ নেৰানেপেৰা বৰষুণৰ ফলত ক্ৰমাৎ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ৷ ফলত বানৰ কবলৰ পৰা সাৰি যোৱা নাই পানীখাইটী অঞ্চল ৷ লুইতৰ বানত বুৰ গৈছে সমগ্ৰ অঞ্চল ৷ ইয়াৰ উপৰিও তীব্ৰ ভাবুকি আহি পৰিছে চেক্টৰ এক, চূনচালী, নুনমাটি, ফেৰীঘাটলৈ ৷ প্ৰতি মিনিটত বাঢ়ি আহিছে লুইতৰ পানী ৷ বানত বুৰ গৈছে বহু ঘৰ দুৱাৰ ৷ চিন্তিত হৈ পৰিছে পানীখাইতীৰ লোকসকল ৷ নিশাৰে পৰা হোৱা ধাৰাষাৰ বৰষুণে শংকিত কৰিছে অঞ্চলবাসীক ৷