অসম

assam

Kati Bihu in Rangia: বালিময় পথাৰলৈ চাই মূৰে কঁপালে হাত দিছে কৃষকে

By

Published : Oct 18, 2022, 10:04 AM IST

Updated : Oct 18, 2022, 4:30 PM IST

আজি কাতি বিহু ৷ কিন্তু ইয়াৰ মাজতে ৰঙিয়াৰ বগৰীবাৰীত বিহু নহয় যেন বৰবিহহে (kati bihu at Rangia)৷ বগৰীবাৰীৰ ৰাইজে পালন কৰিব নোৱাৰে এইবাৰ কাতি বিহু (Flood affected area reacts on Kati bihu at Rangia)৷

Flood affected area reacts on Kati bihu at Rangia
Kati bihu 2022: কঙাল পথাৰলৈ চাই মূৰে কঁপালে হাত দিছে কৃষকে

ৰঙিয়া, 18 অক্টোবৰ:আজি কাতি বিহু ৷ কাতি বিহু বা কঙালী বিহু অসমৰ জাতীয় উৎসৱ বিহু তিনিটাৰ অন্যতম (Kati bihu 2022)৷ আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয় (Kati bihu celebrated in Assam) ৷ এই সময়ত ভঁৰালত ধান প্ৰায় শেষ হয় আৰু শালি ধান চপাবলৈ যথেষ্ট সময় থাকে। অভাৱ-অনাটনৰে ভৰা এই সময়ত উদযাপিত হোৱাৰ বাবে কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয়।

পূৰ্বৰে পৰা চলি অহা লোকাচাৰ অনুসৰি কাতি বিহুৰ দিনা পুৱাই সকলোৱে ঘৰ-বাৰী পৰিস্কাৰ কৰে আৰু গৃহিনীয়ে ঘৰৰ সন্মুখত তুলসী ভেটি তৈয়াৰ কৰি চাকি জ্বলাই নাম প্ৰসংগ কৰে ৷ দুপৰীয়াৰ ভাগত গৃহিনীয়ে হাতত কাঁচি লৈ নিজৰ সোণগুটিৰ পথাৰডৰা চাবলৈ যোৱাৰ পৰম্পৰা আছে ৷

কঙাল পথাৰলৈ চাই মূৰে কঁপালে হাত দিছে কৃষকে

কাতি বিহুৰ দিনা সেউজীয়া ধাননিডৰাত চাকি জ্বলাই শস্যৰ শ্ৰীবৃদ্ধিৰ বাবে লক্ষ্মী দেৱীক প্ৰাৰ্থনা জনায় । ফুলাম হৈ পৰা ধাননি পথাৰখন শস্য নষ্টকাৰী কীট-পতংগৰ পৰা যাতে সুকলমে ৰাখিব পাৰি সেই উদেশ্যেই আকাশ বন্তি জ্বলাই কীট পতংগৰ কবলৰ পৰা ৰক্ষা কৰে‌ ।

প্ৰতিবাৰৰ দৰে এইবাৰো ৰাজ্যবাসীয়ে এইবাৰো উদযাপন কৰিছে কাতি বিহু ৷ কঙালী বিহুত উলহ-মালহ আৰু ভোগ-প্ৰাচুৰ্য বেছিকৈ নাথাকে যদিও বিহু বুলি পিঠা-পনা বনাই, জলপানেৰে ঘৰলৈ অহা অতিথিক আপ্যায়ন কৰে ৷

কিন্তু ইয়াৰ মাজতে ৰঙিয়াৰ বগৰীবাৰীত বিহু নহয় যেন বৰবিহহে (kati bihu at Rangia)৷ বগৰীবাৰীৰ ৰাইজে পালন কৰিব নোৱাৰে এইবাৰ কাতি বিহু (Flood affected area reacts on Kati bihu at Rangia)৷ যোৱা চাৰিমাহৰ পূৰ্বে ৰাজ্যজুৰি বানে সংহাৰ সৃষ্টি কৰাৰ সময়তে পুঠিমাৰী নৈৰ মথাউৰি ছিঙি হঠাতে অহা ঢলে অঞ্চলটোৰ হেজাৰ হেজাৰ বিঘা কৃষি ভূমি প্লাবিত কৰিছিল ৷ ঠায়ে ঠায়ে বালিৰ দহৰ পৰা পোন্ধৰ ফুট ওখ তৰপে পুতি পেলাইছে খেতি পথাৰ সমুহ ৷ চকুৰ পচাৰতে শেষ হৈ গৈছিল প্ৰায় পাঁচ হাজাৰ কৃষকৰ সপোন ।

প্ৰায় দুবছৰ পূৰ্বে পুঠিমাৰী নৈৰ বাঢ়নী পানীয়ে মথাউৰি চিঙি নিয়াৰ পিছত এই বছৰ পুনৰ আহা বানে তচনচ কৰি পেলাইছে সপোনৰ ধাননি পথাৰখন । পুঠিমাৰী নৈৰ প্ৰলয়ংকাৰী বানে অঞ্চলটোৰ হেজাৰ হেজাৰ বিঘা কৃষিভূমি নষ্ট কৰি পেলাইছে । যাৰ বাবে খেতিয়ক সকলে মূৰে কঁপালে হাত দিব লগীয়া হৈছে ৷ পেটৰ তাৰণাৰ দিন হাজিৰা কৰিবলৈ বাধ্য হৈছে খেতিয়কসকল । এসাজ খাই এসাজ লঘোনে থাকি কোনোমতে জীয়াই আছে দুৰ্ভগীয়া কৃষকসকল ।

জীৱিকাৰ মূল সম্বল সপোনৰ ধাননি পথাৰখন পানীৰ তলত থকাত পেটত গামোচা বান্ধি কষ্টকৰ দিন অতিবাহিত কৰিবলৈ বাধ্য হৈছে অঞ্চলটোৰ হেজাৰৰো অধিক কৃষকে । চৌদিশে মৰুভূমি সদৃশ পৰিৱেশ, কিছু কিছু ঠাইত নদী সদৃশ পৰিৱেশ । আনহাতে নৈখনেও গতিপথ সলাই পথাৰৰ মাজেৰে যেনি-তেনি গতি কৰিছে ।

ক্ষয়-ক্ষতিৰ বুজ লবলৈ অসহায় কৃষকৰ ওচৰলৈ অহা নাই চৰকাৰী বিষয়া । আজি পৰ্যন্ত কোনেও লাভ কৰা নাই চৰকাৰী সাহাৰ্য ৷ এতিয়া কাতি বিহুত হেঁপাহৰ পথাৰত চাকি এগজো দিবলৈ নাপাই চকুলো টুকিছে এইসকল গঞাই ৷

লগতে পঢ়ক:Kati Bihu 2022: ধেমাজিত কাতি বিহু নে বন্যাৰ্তৰ চকুলো !

Last Updated : Oct 18, 2022, 4:30 PM IST

ABOUT THE AUTHOR

...view details