কামৰূপ, 25মেঃবিশ্বজুৰি সন্ত্ৰাস সৃষ্টি কৰা কৰ'ণা ভাইৰাছৰ ফলত দেশত বন্ধ হৈ আছিল বিমানবন্দৰসমূহ ৷ বন্ধ হৈ পৰিছিল আন্তঃৰাষ্ট্ৰীয় বিমানৰ লগতে ঘৰুৱা বিমান সেৱাৰ চলাচল । পোন প্ৰথমবাৰৰ বাবে এইদৰে বন্ধ হৈ পৰিছিল দেশৰ বিমানবন্দৰসমূহ । যোৱা ২৪ মাৰ্চৰ পৰা লকডাউনৰ ফলত দেশৰ সকলো বিমানবন্দৰ লগতে বন্ধ হৈ আছিল বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰো ৷ জৰুৰী সেৱাৰ লগত জড়িত বিমানৰ বাহিৰে আন কোনো বিমানৰ চলাচল হোৱা নাছিল বিমানবন্দৰত । কিন্তু অসামৰিক বিমান পৰিবহন মন্ত্ৰী হৰদীপ সিং পুৰীৰ নিৰ্দেশৰ পিছতে আজিৰে পৰা আৰম্ভ হয় ঘৰুৱা বিমান সেৱা ।
গুৱাহাটী বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰতো আজিৰে পৰা আৰম্ভ ঘৰুৱা বিমান সেৱা । পুৱা ৮ বাজি ৪৫ মিনিটত প্ৰথমখন বিমান অৱতৰন কৰে বৰঝাৰ বিমানবন্দৰত ৷ দিল্লীৰ পৰা আহি উপস্থিত হয় প্ৰথমখন বিমান । ইণ্ডিগ' বিমানযোগে অহা প্ৰথমখন বিমানত মুঠ ১৬০ জন যাত্ৰী কঢ়িয়াই আনিছিল যদিও বৰঝাৰত ৭৮ জন যাত্ৰী নমাই বিমানখন পুনৰ ইম্ফললৈ ৰাওনা হয় । বিমানযোগে অহা সকলো যাত্ৰীকে বিমানবন্দৰতে প্ৰাথমিক পৰীক্ষা কৰা হয় । প্ৰাথমিক পৰীক্ষাৰ ফলাফল যদিহে পজিটিভ অথবা সন্দেহজনক তেনেহ'লে যাত্ৰীজনক বিমানবন্দৰৰ পৰাই কোৱাৰেন্টাইন কেন্দ্ৰলৈ লৈ যোৱা হ'ব আৰু বিমানবন্দৰতে সকলো যাত্ৰীৰ তথ্য সংগ্ৰহ কৰি থৈ দিয়া হ'ব ।