বকোত দুই সংগঠনে ৰুলে পাঁচ হাজাৰ গছ পুলি - কঠালমুৰী জনজাতীয় যুৱ সংঘ
দক্ষিণ কামৰূপৰ ছয়গাঁৱত কঠালমুৰী জনজাতীয় যুৱ সংঘ আৰু ভালাডুবি যুৱ সংঘৰ উদ্যোগত পাঁচ হাজাৰ গছপুলি ৰোপণ ৷
বকোত যুৱ সংঘই ৰুলে পাঁচ হাজাৰ গছ পুলি
বকো, 26 আগষ্টঃ সোমবাৰে দক্ষিণ কামৰূপৰ ছয়গাঁৱত কঠালমুৰী জনজাতীয় যুৱ সংঘ আৰু ভালাডুবি যুৱ সংঘই যৌথ ভাৱে বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণ কৰে ৷ বন মহোৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা এই কাৰ্যসূচীৰ বাবে বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী দেৱজিৎ কলিতাই ৰোপণৰ বাবে পাঁচ হাজাৰ গছপুলি প্ৰদান কৰে ৷ যুৱ সংঘ দুটাৰ এই পদক্ষেপক শলাগ জনাইছে অঞ্চলটোৰ ৰাইজে ৷