অসম

assam

ETV Bharat / state

Balisatra Rajohua Sobah Mahutsav: কাইলৈৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব বালিসত্ৰ ৰাজহুৱা সবাহ মহোৎসৱ - Five days Balisatra Rajohua Sobah Mahutsav

মঙ্গলবাৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে ৰঙিয়াৰ বালিসত্ৰত অনুষ্ঠিত হ’ব বালিসত্ৰ ৰাজহুৱা সবাহ মহোৎসৱ ৷ ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ ১ লাখ ভক্তক আদৰিবলৈ প্ৰস্তুত হৈছে ৰঙিয়াৰ বালিসত্ৰ ৰাজহুৱা সবাহ মহোৎসৱৰ আয়োজক সমিতি (Balisatra rajohua sobah mahutsav in Rangia)

Balisatra rajohua sobah mahutsav in Rangia
ৰঙিয়াৰ বালিসত্ৰ ৰাজহুৱা সবাহ মহোৎসৱ

By

Published : Jan 30, 2023, 2:07 PM IST

কাইলৈৰ পৰা ৰঙিয়াৰ বালিসত্ৰ ৰাজহুৱা সবাহ মহোৎসৱ

ৰঙিয়া, 30 জানুৱাৰী :ৰঙিয়াৰ বালিসত্ৰত মঙ্গলবাৰৰ পৰা আৰম্ভ হ’ব বালিসত্ৰ ৰাজহুৱা সবাহ মহোৎসৱ (Balisatra rajohua sobah mahutsav in Rangia)। ইয়াকে লৈ ব্যস্ততা বাঢ়িছে ৰঙিয়াৰ বালিসত্ৰবাসীৰ ৷ ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ ভক্তই ইতিমধ্যে ভিৰ কৰিছেহি এই ৰাজহুৱা সবাহথলী ৷ ইফালে ৰাজ্যৰ সমান্তৰালভাৱে দেশৰ বিভিন্ন প্ৰান্তৰ ১ লাখ ভক্তক আদৰিবলৈ সাজু হৈছে ৰঙিয়াৰ বালিসত্ৰ ৰাজহুৱা সবাহ মহোৎসৱৰ আয়োজক সমিতি ।

মঙ্গলবাৰৰ পৰা আৰম্ভ হ’ব লগীয়া এই অনুষ্ঠান চলিব 4 ফেব্ৰুৱাৰীলৈকে ৷ ৫ দিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰে বালিসত্ৰ সৎসংগী সত্ৰৰ এই সৱাহ মহোৎসৱৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে বালিসত্ৰ ৰাজহুৱা সবাহ মহোৎসৱ পৰিচালনা সমিতিয়ে । প্ৰায় ৫০০ বছৰ পুৰণি এই পৰম্পৰাগত ধৰ্মীয় অনুষ্ঠানটি সুকলমে পালন কৰাৰ বাবে মূল পৰিচালনা সমিতিৰ লগতে ২০ খন উপ সমিতি গঠন কৰি দিয়া হৈছে বুলি উদ্যোক্তা সমিতিয়ে জানিবলৈ দিয়ে ।

প্ৰতিটো কাম শৃংখলাৱদ্ধ আৰু নিয়াৰিকৈ পৰিচালনা কৰিবৰ বাবে প্ৰায় ৫০০ গৰাকী বিভিন্ন বিষয়ববীয়া আৰু কৰ্মী বিভিন্ন ক্ষেত্ৰত নিয়োগ কৰা হৈছে বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে । ইতিমধ্যে আৰক্ষী প্ৰশাসনৰ দ্বাৰা ১০০ গৰাকী লোকক স্বেচ্ছাসেৱকৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে । এই মহোৎসৱখনিৰ আন এক বিশেষ বৈশিষ্ট্য হৈছে আৰিয়া প্ৰজ্বলন ।

লোক বিশ্বাস অনুসৰি দিনটো উপবাসে থাকি সন্ধিয়া সৰিয়হ, তেল আৰু শংকু আকৃতিৰ শলিতাৰে ওৰে নিশাতো চাকি জ্বলাই আৰিয়া প্ৰজ্বলন কৰিলে ভক্তৰ মনোবাঞ্জা পূৰ্ণ হয় । সেয়েহে লক্ষাধিক ভক্তই ইয়াত নিজৰ মনোবাঞ্জা পূৰণৰ অৰ্থে মঙ্গলবাৰে সন্ধিয়া আৰিয়া প্ৰজ্বলন কৰিব বুলি আয়োজক সকলে জানিবলৈ দিয়ে । ইয়াৰ উপৰি আৰিয়া জ্বলাই উপবাসে থকা ৫০০০ ভক্তক অন্ন গ্ৰহণৰ বাবে সিধা প্ৰদানৰ ব্যৱস্থা কৰিছে আয়োজক সমিতিয়ে ।
মহোৎসৱটিকলৈ বালিসত্ৰ অঞ্চলৰ ৩২ খন গাঁৱৰ সহস্ৰাধিক লোকে দিনে নিশাই পেণ্ডেল আৰু আৰিয়া প্ৰজ্বলনৰ বাবে শাৰী পাতি কলগছ আদিৰ ব্যৱস্থা কৰাত ব্যস্ত হৈ পৰিছে । আনহাতে আৰম্ভণিৰে পৰা ধৰ্মীয় ভেদাভেদ নেওচি পালন কৰি অহা এই সবাহ খনলৈ সহযোগিতা আগবঢ়াই আহিছে সবাহস্থলীৰ দাঁতিতে থকা এখন ইছলাম সম্প্ৰদায়ৰ গাঁও ধুহিৰ লোকসকলে ।

এইবেলিও বহুকেইজন ইছলামধৰ্মী লোকে সবাহৰ প্ৰস্তুতিত স্বেচ্ছামুলকভাবে সহযোগিতা আগবঢ়াই সমন্বয়ৰ এক সুন্দৰ নিদৰ্শন তুলি ধৰিছে বুলি জানিবলৈ দিয়ে উদ্যোক্তা সমিতিয়ে ৷

লগতে পঢ়ক :Congress hoists tricolor at Srinagar party office : সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব 21 টা ৰাজনৈতিক দলে

ABOUT THE AUTHOR

...view details