অসম

assam

ETV Bharat / state

বকোৰ হাহিমত বৰশীৰে মাছ ধৰা প্ৰতিযোগিতা - অসম মেঘালয় সীমান্ত

বকোৰ হাহিমত বৰশীৰে মাছ ধৰা প্ৰতিযোগিতা ৷ কৈলাশ শৰ্মা নামৰ লোকজনে আয়োজন কৰে এই প্ৰতিযোগিতা ৷ এই প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ হিচাপে দহ হেজাৰ, দ্বিতীয় পুৰস্কাৰ পাঁচ হেজাৰ, তৃতীয় পুৰস্কাৰ দুহেজাৰ আৰু পাঁচজন প্ৰতিযোগীক এহেজাৰ টকাকৈ নিচুকনি বঁটা প্ৰদান কৰা হয় ।

FISHING COMPETITION
FISHING COMPETITION

By

Published : Nov 25, 2020, 2:21 PM IST

বকো, 25 নৱেম্বৰ : আন্তঃৰাজ্যিক সীমা সমস্যাৰে জৰ্জৰিত কামৰূপ জিলাৰ বকোৰ অসম-মেঘালয় সীমান্তত দুয়ো ৰাজ্যৰ ৰাইজৰ মিলা প্ৰীতিৰ সম্বন্ধ গঢ়ি তোলাৰ প্ৰয়াস অব্যাহত ৰাখিছে বকোৰ হাহিমৰ কৈলাশ শৰ্মাই । হাহিমৰ স্থানীয় ৰাইজ, বিভিন্ন দল সংগঠনৰ সহযোগত কৈলাশ শৰ্মাই নিজৰ পুখুৰীত প্ৰতি বছৰে অনুষ্ঠিত কৰে বৰশীৰে মাছ ধৰা প্ৰতিযোগিতা ।

এইবেলিও আন বছৰৰ দৰে অনুষ্ঠিত কৰা হ’ল প্ৰাইজমানি মাছ ধৰা প্ৰতিযোগিতা । এই আকৰ্ষণীয় প্ৰতিযোগিতাত অসম আৰু মেঘালয়ৰ ২৪৪ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে । উল্লেখযোগ্য যে, চুবুৰীয়া মেঘালয়ৰ লাংজা, টংহৰ, মাৱথক্ৰা, নংকান্দান, ৰিয়াংড', ৰেচুবেলপাৰা, মাৱখ্ৰাং, আঠিয়াবাৰী, হাতীদংঙা, পাথাৰখামা আদিৰ লোকে অংশ লয় এই প্ৰতিযোগিতাত ৷ অসমৰ হাহিম, লাম্পী, কাটাপাৰা, মাকৈবাৰী, শিংৰা, বন্দাপাৰা, বকো আদি অঞ্চলৰ খাছীয়া, গাৰো, বড়ো, ৰাভা আদি বিভিন্ন সম্প্ৰদায়ৰ লোক এই প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰে ।

বকোৰ হাহিমত বৰশীৰে মাছ ধৰা প্ৰতিযোগিতা

এই প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ হিচাপে দহ হেজাৰ, দ্বিতীয় পুৰস্কাৰ পাঁচ হেজাৰ, তৃতীয় পুৰস্কাৰ দুহেজাৰ আৰু পাঁচজন প্ৰতিযোগীক এহেজাৰ টকাকৈ নিচুকনি বঁটা প্ৰদান কৰা হয় । উল্লেখযোগ্য যে, গোটেই কেইটা পুৰস্কাৰ লাভ কৰে মেঘালয়ৰ পৰা অংশগ্ৰহণ কৰা প্ৰতিযোগীয়ে লাভ কৰে ।

লগতে পঢ়ক :ইন্দোৰৰ পৰা গুৱাহাটীলৈ পশ্চিমীয়া ৰে’লৱেৰ প্ৰথমখন কিষাণ ৰে’ল চলাচল

ABOUT THE AUTHOR

...view details