গুৱাহাটী, 10 জুলাইঃ বুধবাৰে ৰাজ্য চৰকাৰৰ মীন বিভাগে উদযাপন কৰে ৰাষ্ট্ৰীয় মীন পালক দিৱস । মহানগৰীৰ ধাৰাপুৰৰ পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত বুধবাৰে ৰাজ্য চৰকাৰে কেন্দ্ৰীয়ভাৱে উদযাপন কৰে এই মীন পালক দিৱস । ১৯৫৭ চনৰ ১০ জুলাই তাৰিখে ওড়িশাত প্ৰথমবাৰৰ বাবে কৃত্ৰিমভাৱে মাছৰ কণী উৎপাদন কৰি সাফল্য লাভ কৰিছিল আৰু তেতিয়াৰ পৰাই ১০ জুলাইৰ দিনটো মীন পালক দিৱস হিচাপে পালন কৰি অহা হৈছে ৷
ধাৰাপুৰত ৰাষ্ট্ৰীয় মীন পালক দিৱস পালন - ধাৰাপুৰ
মীন পালক দিৱসত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে অসম চৰকাৰৰ বন আৰু মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই । উল্লেখ্য যে অসমত বিগত বৰ্ষতকৈ ৬ শতাংশ বৃদ্ধি হৈছে মাছৰ উৎপাদন । এইবৰ্ষত ৩.৩৭ লাখ মেট্ৰিক টন মাছ উৎপাদন কৰিবলৈ সক্ষম হৈছে অসমৰ মীন পালকসকলে ৷ কেন্দ্ৰই নিৰ্ধাৰণ কৰা পৰিমাণলৈ অসমক লাগে মাত্ৰ ১৬লাখ টন মাছ ৷
মহানগৰীৰৰ ধাৰাপুৰত ৰাষ্ট্ৰীয় মীন পালক দিৱস উদযাপন
এই মীন পালক দিৱসত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে অসম চৰকাৰৰ বন আৰু মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই । উল্লেখ্য যে অসমত বিগত বৰ্ষতকৈ ৬ শতাংশ বৃদ্ধি হৈছে মাছৰ উৎপাদন । এইবৰ্ষত ৩.৩৭ লাখ মেট্ৰিক টন মাছ উৎপাদন কৰিবলৈ সক্ষম হৈছে অসমৰ মীন পালকসকলে ৷ কেন্দ্ৰই নিৰ্ধাৰণ কৰা পৰিমাণ স্পৰ্শ কৰিবলৈ অসমক লাগে মাত্ৰ ১৬লাখ টন মাছ ৷