আজাৰা, 3 ডিচেম্বৰঃ ক্ৰীড়াজগতৰ পৰা অসমলৈ আহিছে এক সুখবৰ ৷ অসমৰ প্ৰথমগৰাকী মহিলা শৰীৰচৰ্চাবিদে আঁজুৰি আনিবলৈ সক্ষম হ’ল মিছ এছিয়া পেচিফিক খিতাপ ৷ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা শৰীৰচৰ্চাবিদহৈছে ৰিংকুমণি চেতিয়া ৷ অসম জীয়ৰী ৰিংকুমণিৰ ঘৰ তিনিচুকীয়াত ৷ মিছ ইণ্ডিয়া খিতাপৰ জৰিয়তে যাত্ৰা আৰম্ভ কৰা খেলুৱৈগৰাকীয়ে ডব্লিউ এফ এফয়ে আয়োজন কৰা মিছ এছিয়া পেচিফিক 2019 প্ৰতিযোগিতাত সোণৰ পদক অৰ্জনৰ লগতে চূড়ান্ত বিজয়ীৰ মুকুট পিন্ধিবলৈ সক্ষম হয় ৷
মিছ এছিয়া পেচিফিক 2019 খিতাপ জয় অসম কন্যাৰ - first-women-bodybuilder-of-north-east
অসমৰ প্ৰথমগৰাকী মহিলা শৰীৰচৰ্চাবিদে আঁজুৰি আনিবলৈ সক্ষম হ’ল মিছ এছিয়া পেচিফিক 2019 খিতাপ, উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা শৰীৰচৰ্চাবিদগৰাকী হৈছে ৰিংকুমণি চেতিয়া, অসম জীয়ৰী ৰিংকুমণিৰ ঘৰ তিনিচুকীয়াত ৷
বাংগালুৰুত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত ১২খন দেশৰ প্ৰায় ২০০তকৈ অধিক শৰীৰচৰ্চাবিদে অংশগ্ৰহণ কৰিছিল ৷ আনহাতে অন্য এগৰাকী অসম সন্তান ভাস্কৰ ডেকায়ো প্ৰতিযোগিতাখনৰ এটি শিতানত ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় । খিতাপ দখল কৰি স্বাভাৱিকতে উফুল্লিত খেলুৱৈগৰাকী মঙলবাৰে উপস্থিত হয় গৃহভূমিত ৷ দুয়োগৰাকী শৰীৰচৰ্চাবিদক বিমানবন্দৰত উষ্ম আদৰণি জনাই কণ্ঠশিল্পী বিদ্যা সাগৰকে ধৰি শুভাকাংক্ষী আৰু আত্মীয়ই । চৰকাৰে সহায় আগবঢ়ালে অনাগত দিনত অধিক সাফল্য অৰ্জন কৰিবলৈ সক্ষম হ’ব বুলি খেলুৱৈগৰাকীয়ে মনৰ ভাৱ ব্যক্ত কৰে ৷
লগতে চাওক:দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ অন্তত শুভাৰম্ভ নাগ্ৰিজুলি আদৰ্শ চিকিৎসালয়