কামৰূপ,17 নৱেম্ৱৰ:বকোৰ ছাত্ৰ ছাত্ৰীৰ বাবে সুখবৰ। মহামাৰী ক'ৰণাৰ বাবে সমগ্ৰ দেশতে চৰকাৰী তথা বেচৰকাৰী নিয়োগ ব্যৱস্থা প্ৰায় বন্ধ হৈ আছে ৷ তাৰ মাজতেই বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ে ছাত্ৰ ছাত্ৰীৰ বাবে আনিছে সুখবৰ । পোন প্ৰথমবাৰৰ বাবে ছাত্ৰ ছাত্ৰীৰ বাবে আয়োজন কৰিছে 'কেম্পাছ ইন্টাৰভিউ' অৰ্থাৎ চাকৰি মেলাৰ। বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ড° তপন দত্তৰ নেতৃত্বত আয়োজন কৰা এই চাকৰি মেলাত পাঁচটাকৈ কোম্পানী যেনে, ফাইনেন্স কোম্পানী, ফুড প্ৰচেচিং কোম্পানী আৰু দুটা নিৰস্ত্ৰ সুৰক্ষা কোম্পানীয়ে মহাবিদ্যালয়খনৰ প্ৰায় ১৫০ গৰাকী ছাত্ৰ ছাত্ৰীৰ চাকৰিৰ বাবে সাক্ষাৎকাৰ গ্ৰহণ কৰে ।
জৱাহৰলাল নেহৰু মহাবিদ্যালয়ত চাকৰি মেলা - National Skills Qualification Framework
বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ত পোন প্ৰথমবাৰৰ বাবে আয়োজন চাকৰি মেলাৰ ৷ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° তপন দত্তৰ নেতৃত্বত আয়োজন কৰা এই চাকৰি মেলাত পাঁচটাকৈ কোম্পানীয়ে মহাবিদ্যালয়খনৰ প্ৰায় ১৫০ গৰাকী ছাত্ৰ ছাত্ৰীৰ চাকৰিৰ বাবে সাক্ষাৎকাৰ গ্ৰহণ কৰে ।
জৱাহৰলাল নেহৰু মহাবিদ্যালয়ত চাকৰি মেলা
উল্লেখ্য যে, "ৰাষ্ট্ৰীয় দক্ষতা অৰ্হতা সংৰচনা" (National Skills Qualification Framework) আঁচনিৰ অধীনত যোৱা এবছৰ ধৰি বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ত বিভিন্ন ধৰণৰ বৃত্তিমুখী প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল আৰু ইয়াৰ পাছতেই সেই ছাত্ৰ ছাত্ৰীসকলক নিয়োগৰ বাবে চাকৰি মেলাৰ আয়োজন কৰা হয়।
লগতে পঢ়ক:আয়ুৰচন্দ্ৰা হাস্পতালত জুবিন গাৰ্গৰ প্ৰাক জন্মদিন উদযাপন