বকোত প্ৰথমটো মণ্ডল পৰ্যায়ৰ সংগঠন - first-cluster-level-federation-formed-at-boko
বকোত অঞ্চলটোৰ আত্মসহায়ক গোট সমূহক একত্ৰিত কৰি প্ৰথমটো মণ্ডল পৰ্যায়ৰ সংগঠন ৷ সংগঠনৰ প্ৰধান উদেশ্য় হ'ব অঞ্চলটোৰ দুখীয়া মহিলা সকলৰ সৱলীকৰণ ৷
![বকোত প্ৰথমটো মণ্ডল পৰ্যায়ৰ সংগঠন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3760144-thumbnail-3x2-bk2.jpg)
বকো,6 জুলাই : অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ অন্তৰ্গত শুকুৰবাৰে বকোত দুখীয়া মহিলা সকলক সৱলীকৰণৰ উদেশ্যে অঞ্চলটোৰ আত্মসহায়ক গোট সমূহক একত্ৰিত কৰি প্ৰথমটো মণ্ডল পৰ্যায়ৰ সংগঠন গঠন কৰা হয় ৷ দুৰ্গা পূজা প্ৰাংগণত অনুষ্ঠিত সভাত ব্লক পৰ্যায়ৰ সমন্বয়ক অনুপম বৰঠাকুৰ,ব্লক প্ৰজেক্ট মেনেজাৰ অনুজা বৰ্মণ হালৈ, উৰ্ব্বখী বড়োৰ আৰু লগতে উপস্থিত থাকে 444 টা আত্ম সহায়ক গোটৰ প্ৰায় এহেজাৰ সদস্য । ব্লক পৰ্যায়ৰ সমন্বয়ক অনুপম বৰঠাকুৰে জানিবলৈ দিয়ে যে বকো অঞ্চলত মুঠতে চাৰিটা মণ্ডল পৰ্য্যায়ৰ সংগঠন খোলা হ'ব ৷ এই ক্ষেত্ৰত মণ্ডল পৰ্যায়ত বেংক মিত্ৰ,জীৱিকা সখী,পশু-পক্ষী সখী,কৃষি সখী আদি আঁচনিৰ জৰিয়তে মহিলা সকলক সৰ্বতোপ্ৰকাৰে সহায় কৰা হ'ব সংগঠনৰ প্ৰধান উদেশ্য ৷