বাইহাটা, 22 মে':কামৰূপৰ কেন্দুকোনাত অগ্নিকাণ্ডৰ ঘটনা ৷ কেন্দুকোনা বজাৰ চ'কত এখন মূৰ্গীৰ দোকানৰ গেছ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলতে সূত্ৰপাত হয় অগ্নিকাণ্ডৰ ৷ অগ্নিকাণ্ডৰ ফলত তিনিখন দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে ক্ষতি হয় বহু সা-সামগ্ৰী ৷
কামৰূপৰ কেন্দুকোনাত অগ্নিকাণ্ড - Fire in Kendukona of Kamrup
কেন্দুকোনা বজাৰ চ'কত এখন মূৰ্গীৰ দোকানৰ গেছ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলতে সূত্ৰপাত হয় অগ্নিকাণ্ডৰ ৷

কামৰূপৰ কেন্দুকোনাত অগ্নিকাণ্ড
কামৰূপৰ কেন্দুকোনাত অগ্নিকাণ্ড
ঘটনাৰ কিছু সময়ৰ পাছতে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ নিৰ্বাপন কৰে জুই ৷ জানিব পৰা মতে মূৰ্গী চাফা কৰিবৰ কাৰনে ব্যৱহাৰ কৰা গেছ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলতে সূত্ৰপাত হয় অগ্নিকাণ্ডৰ ৷
লগতে পঢ়কঃঅসমৰ চাহ শ্ৰমিকৰ সেৱাৰ বাবে UNICEF ৰ সৈতে HUL ৰ পাৰ্টনাৰশ্বিপ