আজাৰা,6 ফেব্ৰুৱাৰীঃ দক্ষিণ কামৰূপৰ উদ্যোগ নগৰী পলাশবাৰীত সংঘটিত ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা ৷ উদ্যোগ নগৰীখনৰ এটা কোম্পানীত বুধবাৰে নিশা সংঘটিত হয় এই অগ্নিকাণ্ড ৷ পলাশবাৰীৰ চেণ্ট প্লাই নামৰ প্লাইব’ৰ্ড নিৰ্মাণ উদ্যোগটোৰ ভিতৰৰ বয়লাৰ বিভাগৰ পৰা সূত্ৰপাত হয় অগ্নিকাণ্ডটোৰ। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি বিভাগটোত এটা সৰু বিস্ফোৰণ ঘটাৰ পিছতে সংঘটিত হয় এই অগ্নিকাণ্ড।
পলাশবাৰীত ভয়ানক অগ্নিকাণ্ডঃ কথমপি প্ৰাণৰক্ষা তিনিজনৰ - Cent Ply Company
উদ্যোগ নগৰী পলাশবাৰীৰ এটা কোম্পানীত বুধবাৰে নিশা সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা ৷ পলাশবাৰীৰ চেণ্ট প্লাই নামৰ প্লাইব’ৰ্ড নিৰ্মাণ উদ্যোগটোৰ ভিতৰৰ বয়লাৰ বিভাগৰ পৰা সূত্ৰপাত হয় অগ্নিকাণ্ডটোৰ । প্ৰায় দুঘণ্টা ধৰি দপদপাই থকা জুই নিৰ্বাপিত কৰিবলৈ অগ্নিনিৰ্বাপক বাহিনীৰ ৬খনকৈ বাহন ঘটনাস্থলীত উপস্থিত হয়। অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ সময়ত বিভাগটোত কৰ্মৰত তিনিজন লোকৰ কথমপি প্ৰাণ ৰক্ষা পৰে ৷
কোম্পানীটোৰ বৃহৎ অংশৰ লগতে যাৱতীয় বহু সামগ্ৰী জুইত জাহ যায় ৷ প্ৰায় দুঘণ্টা ধৰি জ্বলি থকা জুই নিৰ্বাপিত কৰিবলৈ অগ্নিনিৰ্বাপক বাহিনীৰ ৬খনকৈ বাহন ঘটনাস্থলীত উপস্থিত হয় । আৰক্ষী সূত্ৰই প্ৰকাশ কৰিলেও বৰ্তমানলৈ অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই । আনহাতে,অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ সময়ত বিভাগটোত কৰ্মৰত তিনিজন লোকৰ কথমপি প্ৰাণ ৰক্ষা পৰে ৷ অৱশেষত অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ তৎপৰতাত সমগ্ৰ ঘটনা নিয়ন্ত্ৰণলৈ আহে ৷ অগ্নিকাণ্ড সংঘটিত হোৱা স্থানত পলাশবাৰী আৰক্ষী আৰু কামৰূপ জিলাৰ প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত হৈ প্ৰাথমিক তদন্ত কৰে ৷ ইফালে অগ্নিকাণ্ডৰ ফলত হোৱা কোম্পানীটোৰ ক্ষয়-ক্ষতিৰ পৰিমাণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই ৷
লগতে চাওকঃমহানগৰীত চলন্ত বাছৰ দৰ্জা বন্ধ কৰি চলাব লাগিব চিটি বাছ!