অসম

assam

ETV Bharat / state

কামৰূপৰ কমলপুৰত বিধ্বংসী অগ্নিকাণ্ড - কমলপুৰত বিধ্বংসী অগ্নিকাণ্ড

বুধবাৰে বাইহাটা চাৰিআলিৰ কমলপুৰত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডৰ ফলত দহ লক্ষ্যধিক টকাৰ সম্পতি ভষ্মীভূত হোৱাৰ আশংকা ৷ শ্বৰ্ট চাৰ্কিতৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ স্থানীয়ৰ ।

কামৰূপ
কামৰূপৰ কমলপুৰত বিধ্বংসী অগ্নিকাণ্ড

By

Published : Mar 4, 2020, 10:51 PM IST

কামৰূপ, 4 মাৰ্চঃ বাইহাটা চাৰিআলিৰ কমলপুৰত বিধ্বংসী অগ্নিকাণ্ড । কমলপুৰ থানাৰ অন্তৰ্গত চৌৰাকাৰা গাঁৱত সংঘটিত হৈছে এই অগ্নিকাণ্ড । অগ্নিকাণ্ডৰ ফলত দহ লক্ষাধিক টকাৰ সম্পত্তি ভষ্মীভূত হোৱাৰ সন্দেহ প্ৰত্যক্ষদৰ্শীৰ ৷ বুধবাৰে সন্ধিয়া চৌৰাকাৰা গাঁৱৰ তাজনুৰ আলীৰ গৃহত সংঘটিত হয় অগ্নিকাণ্ড ৷ জুই দেখি ওচৰ চুবুৰীয়াই ততালিকে পুখুৰীৰ পৰা পানী আনি জুই নিৰ্বাপন কৰে যদিও ইতিমধ্যে জুইয়ে তাজনুৰ আলীৰ লগতে প্ৰতিবেশীৰো এটা ঘৰ ভষ্মীভূত কৰে ।

কামৰূপৰ কমলপুৰত বিধ্বংসী অগ্নিকাণ্ড

আনহাতে, অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে যদিও অগ্নি নিৰ্বাপক বাহিনী পলমকৈ উপস্থিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ । শ্বৰ্ট চাৰ্কিতৰ ফলতে এই অগ্নি কাণ্ড সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ ।

আৰু পঢ়কঃ আমি কাৰো দূৰ্গলৈ লক্ষ্য কৰিব বিচৰা নাইঃ প্ৰমোদ বড়ো

ABOUT THE AUTHOR

...view details