অসম

assam

By

Published : Jun 9, 2020, 9:18 PM IST

ETV Bharat / state

পলাশবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে এজাহাৰ

প্ৰতিবাদকাৰীক চাংসাৰীৰ কোৱাৰেণ্টাইন কেন্দ্ৰলৈ প্ৰেৰণ কৰা, তেওঁলোকক মাৰপিট কৰাৰ অভিযোগত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কামৰূপ জিলাৰ যুটীয়া সম্পাদক হেমন্ত কলিতাই, আৰক্ষী বিষয়া সত্যেন্দ্ৰ সিং হাজাৰীৰ বিৰুদ্ধে দাখিল কৰিলে এজাহাৰ ।

Fir against police officer
Fir against police officer

আজাৰা, ৯ জুনঃ পলাশবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে একাংশ প্ৰতিবাদকাৰীয়ে । সোমবাৰে দুপৰীয়া অখিল গগৈসহ CAA বিৰোধী আন্দোলনত কৰি অংশ লৈ কাৰাবন্দী হৈ থকা লোকৰ মুক্তিৰ দাবীত,মিৰ্জাৰ মামণি ৰয়ছম গোস্বামী চ'কত সাব্যস্ত কৰিছিল প্ৰতিবাদ । প্ৰতিবাদস্থলীত পলাশবাৰী আৰক্ষী উপস্থিত হৈ প্ৰতিবাদৰ সময়তে সকলোকে আটক কৰি লৈ গৈছিল থানালৈ। উপ সভাপতি অনিল বড়ো,সম্পাদক দীনেশ দাসকে ধৰি আৰক্ষীয়ে ১৩ গৰাকী প্ৰতিবাদকাৰীক বিয়লি অতি কৌশলেৰে চাংসাৰীৰ কোৱাৰেণ্টাইন কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে ।

পলাশবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে এজাহাৰ

ইয়াৰোপৰি পলাশবাৰী আৰক্ষীয়ে তেওঁলোকক মাৰপিট কৰাৰো অভিযোগ উত্থাপন কৰিছে একাংশ প্ৰতিবাদকাৰীয়ে । আৰক্ষীয়ে কৰা এনে কাৰ্যৰ অভিযোগত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হৈ, কামৰূপ জিলাৰ যুটীয়া সম্পাদক হেমন্ত কলিতাই আৰক্ষী বিষয়া সত্যেন্দ্ৰ সিং হাজাৰীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে ।

লগতে চাওকঃ ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ:প্ৰাণ পালে চিকিৎসালয়ে

ABOUT THE AUTHOR

...view details