গুৱাহাটী,25 ছেপ্টেম্বৰ: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ অনুসৰি ৰাজ্যৰ সকলো জিলা পৰিষদৰ সভাপতি, উপ-সভাপতি আৰু সদস্য-সদস্যা, গাঁও পঞ্চায়তৰ সভাপতি, উপ-সভাপতি আৰু সদস্য-সদস্যাৰ লগতে আঞ্চলিক পঞ্চায়তৰ সভাপতি, উপ-সভাপতি আৰু সদস্য-সদস্যাসকলৰ 2020 চনৰ এপ্ৰিল মাহৰ পৰা 2021 চনৰ জানুৱাৰী পৰ্যন্ত 10 মাহৰ পাৰিতোষিকত মঞ্জুৰি প্ৰদান কৰিছে ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে ৷
বিত্তমন্ত্ৰীৰ এই মঞ্জুৰীৰ দ্বাৰা ৰাজ্যৰ 26,784 গৰাকী নিৰ্বাচিত প্ৰতিনিধি উপকৃত হ'ব ৷ এই পাৰিতোষিক মঞ্জুৰিৰ দ্বাৰা জিলা পৰিষদৰ সভাপতি সকলে প্ৰতিমাহে 10 হাজাৰ টকা, উপ-সভাপতিসকলে প্ৰতিমাহে 7 হাজাৰ পাঁচশ টকা আৰু সদস্য সকলে 4 হাজাৰ টকাকৈ লাভ কৰিব ৷ একেদৰে গাওঁ পঞ্চায়তৰ সভাপতিসকলে 5000 টকা, উপ-সভাপতি সকলে 3000 টকা আৰু সদস্যসকলে 2000 টকাকৈ প্ৰতিমাহে লাভ কৰিব ৷
লগতে পঢ়কঃপ্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাই সামৰি লৈছে অসমৰ ২৭ লাখ দুখীয়া পৰিয়ালক