গুৱাহাটী, 7 মে': সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি আৰু সচেতন ব্যক্তিৰ দিহা পৰামৰ্শ তথা উত্তৰ গুৱাহাটীবাসীৰ দাবীৰ প্ৰতি সহাঁৰি জনাইছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে । এই অনুসৰি বৃহস্পতিবাৰৰ পৰা গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত আৰম্ভ হ'ল ফেৰি সেৱা ।
বৃহস্পতিবাৰে পুনৰ আৰম্ভ হ'ল গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা
সংবাদ মাধ্যমৰ বাতৰি , সচেতন ব্যক্তিৰ দিহা পৰামৰ্শ তথা উত্তৰ গুৱাহাটীবাসীৰ দাবীৰ প্ৰতি আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সহাঁৰি । অচিৰেই আৰম্ভ কৰিব জল পৰিবহণ ।
গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা
কিছু নীতি নিয়মৰ মাজেৰে পুনৰ আৰম্ভ হ'ল ফেৰি সেৱা । 50 শতাংশ যাত্ৰীয়েহে এবাৰত যাতায়ত কৰিব পাৰিব । আনহাতে যাত্ৰী সকলৰ বাবে মাস্ক বাধ্যতামূলক হ'ব । ইয়াৰ লগতে অত্যন্ত জৰুৰী কামৰ ক্ষেত্ৰত যাব লগীয়া হ'লেহে ফেৰীত উঠিবলৈ অহ্বান জনাইছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ।
উল্লেখ্য যে, কৰুণা ভাইৰাছ সংক্ৰণ ৰোধৰ বাবে 24 মাৰ্চৰ পৰাই বন্ধ হৈ আছিল ফেৰী সেৱা ।