অসম

assam

Student felicitation: ৰঙিয়াত 53 গৰাকী কৃতি ছাত্র-ছাত্ৰীক বিশেষ সম্বৰ্ধনা জ্ঞাপন

By

Published : Aug 21, 2023, 4:23 PM IST

ৰঙিয়া জিলা কোচ ৰাজবংশী সন্মিলনীৰ উদ‍্যোগত 15 খন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ কোচ-ৰাজবংশী জনগোষ্ঠীৰ 53 গৰাকী ছাত্র-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় ।

felicitation to 53 meritorious students at Rangia
ৰঙিয়াত 53 গৰাকী কৃতি ছাত্র-ছাত্ৰীক বিশেষ সম্বৰ্ধনা জ্ঞাপন

ৰঙিয়াত 53 গৰাকী কৃতি ছাত্র-ছাত্ৰীক বিশেষ সম্বৰ্ধনা জ্ঞাপন

ৰঙিয়া, 21 আগষ্ট : ৰঙিয়াত দেওবাৰে ৰঙিয়া জিলা কোচ ৰাজবংশী সন্মিলনীৰ উদ‍্যোগত এখন বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয় । এই উপলক্ষে ৰঙিয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখন সভাৰ আয়োজন কৰা হয় । ৰঙিয়া জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি ৰমণী ৰাজবংশীয়ে আত ধঁৰা সভাখনত ৰঙিয়াৰ 10 খন মৌজাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ‍্যতিৰে উত্তীৰ্ণ হোৱা 15 খন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ কোচ-ৰাজবংশী জনগোষ্ঠীৰ 53 গৰাকী ছাত্র-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় ।

সভাখনত মুখ্য অতিথি ৰূপে ৰঙিয়াৰ মহকুমাধিপতি দিপন বৰ্মন উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে । তেখেতে ভাষণ প্ৰসংগত ছাত্র-ছাত্ৰীসকলক শুভেচ্ছা যাচে ৷ লগতে সকলো সময়তে মোবাইলৰ ভাৰ্চুৱেল পৃথিৱীখনৰ সলনি বাস্তৱ জগতত কাষতে থকা ব‍্যক্তিসকলৰ সৈতে মত বিনিময় কৰিবলৈ উপদেশ দিয়ে । তেওঁ কয় যে মোবাইলৰ অত‍্যাধিক ব‍্যৱহাৰে মানৱ জীৱনত অতি গোপনে গভীৰ প্ৰভাৱ পেলাইছে । যদিহে বৰ্তমান সময়ত মোবাইলৰ ব‍্যৱহাৰ নিৰ্ধাৰিত হাৰত কৰা নহয় তেতিয়াহ'লে ভৱিষ্যতে ভৱিষ্যতৰ ওপৰত বিৰূপ প্ৰভাৱ পৰাৰ সম্ভাৱনা অধিক ।

প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীকেই ভৱিষ্যত জীৱনত এগৰাকী সুদক্ষ কৰ্মজীৱী হবলৈ উপদেশ দি বিষয়াগৰাকীয়ে কয় যে সকলোৱে যদি নিজৰ কাম 100% নিষ্ঠাৰে সম্পাদন কৰে তেতিয়াহলেহে সমাজখন আগুৱাই যাব ।

কৃতি ছাত্ৰ-ছাত্ৰীসকলক একোখন ৰাজবংশী গামোচা আৰু অভিনন্দন পত্ৰৰে শুভেচ্ছা জ্ঞাপন কৰে । সভাখনত সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি প্ৰণৱ নাৰায়ণ দেৱ, উপ সভাপতি ড৹ ৰবীন দাস, দৰং জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি বন্তি ডেকা উপস্থিত থাকে ৷

ইয়াৰোপৰি ৰঙিয়া জিলা কোচ ৰাজবংশী সন্মিলনীৰ উপ সভাপতি ভৰত ৰাজবংশী, সম্পাদক গণেশ চন্দ্ৰ দাস, উপদেষ্টা অংকুৰ দাস, প্ৰাক্তন সভাপতিদ্বয় ক্ৰমে ধনেশ্বৰ ৰাজবংশী আৰু ধৰ্মেশ্বৰ দাস, ৰঙিয়াৰ 10 টা মৌজাৰ কোচ ৰাজবংশী সন্মিলনীৰ বিষয়ববীয়া, ছাত্র-ছাত্ৰী আৰু অভিভাৱকসকল উপস্থিত থাকে ।

লগতে পঢ়ক:Massive Erosion at Dibrugarh: কলী আই থানলৈ ভাবুকি, ব্ৰহ্মপুত্ৰত বিলীন শ শ কৃষিভূমি

ABOUT THE AUTHOR

...view details