অসম

assam

ETV Bharat / state

Felicitation program of BJP : ৰঙিয়াত বিজেপিয়ে কৃতি শিক্ষাৰ্থীক জনালে সম্বৰ্ধনা - ৩৩ গৰাকী শিক্ষককো সম্বৰ্ধনা জনায় বিজেপিয়ে

হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ শিক্ষাৰ্থীসকলক বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু বিজেপিৰ উদ্যোগত ৰঙিয়াত অভিনন্দন জনোৱা হয় (Felicitation program of BJP in Rangia)। ৩৩ গৰাকী শিক্ষককো সম্বৰ্ধনা জনায় বিজেপিয়ে । শিক্ষাৰ্থীসকলক একোটাকৈ গছপুলিও দিয়া হয় ।

Felicitation program of BJP
ৰঙিয়াত বিজেপিয়ে কৃতি শিক্ষাৰ্থীক জনালে সম্বৰ্ধনা

By

Published : Jul 20, 2022, 12:53 PM IST

ৰঙিয়া,২০ জুলাই :অসম ৰাজ‍্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাৰ উদ‍্যোগত ভাৰতীয় জনতা পাৰ্টিয়ে ৰঙিয়াত বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে । হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক দলটোৱে অভিনন্দন জ্ঞাপন কৰে । ৰঙিয়াৰ ঐতিহাসিক হৰদত্ত বীৰদত্ত ভৱনত সম্বৰ্ধনা আয়োজিত এই কাৰ্যসূচীত কৃতি ছাত্র-ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱা হয় (BJP felicitates meritorious students in Rangia)।

ৰঙিয়াত বিজেপিয়ে কৃতি শিক্ষাৰ্থীক জনালে সম্বৰ্ধনা

ৰঙিয়া নগৰ, পাণ্ডুৰী মৌজা আৰু বড়িগোগ মৌজাৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ৰ ৭৫ শতাংশতকৈ অধিক নম্বৰ লাভ কৰা মুঠ ২৫৭ গৰাকী ছাত্ৰ-ছাত্ৰীক আৰু ৩৩ গৰাকী শিক্ষকক এই অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয় (BJP felicitates teacher in Rangia)। অনুষ্ঠানটোৰ আঁত ধৰে জিলা পৰিষদৰ সদস্য লিটন কলিতাই । অনুষ্ঠানটোত আৰিমত্ত বিদ‍্যাপীঠৰ অৱসৰপ্ৰাপ্ত অধ‍্যক্ষ কামিনী ভূঞা, কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি নৃপেন্দ্ৰ কুমাৰ ভাগৱতী, বিজেপি উত্তৰ কামৰূপ জিলাৰ সভাপতি সুবল পাল আৰু ৰঙিয়া পৌৰসভাৰ সভাপতি অমৰেন্দ্ৰ লহকৰে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ।

অনুষ্ঠানটোত অসমৰ ভিতৰত সপ্তম স্থান পোৱা নিশা শৰ্মা আৰু দশম স্থান পোৱা বেদান্ত শৰ্মাকো সম্বৰ্ধনা জনোৱা হয় । সভাপতি ভৱেশ কলিতাই শিক্ষকসকলক একোখনকৈ ফুলাম গামোচা, জাপি আৰু এখন মানপত্ৰৰে সম্বৰ্ধনা জনায় । আনহাতে কৃতি ছাত্র-ছাত্ৰীসকলক একোখন ফুলাম গামোচা আৰু একোখনকৈ বহী প্ৰদান কৰা হয় । লগতে কৃতি ছাত্ৰ-ছাত্ৰীসকলক একোটাকৈ গছৰ পুলিও প্ৰদান কৰে যাতে প্ৰতিজন ব্যক্তিয়ে সুস্থ বায়ু সেৱন কৰি সু স্বাস্থ্যৰ অধিকাৰী হ'ব পাৰে ।

লগতে পঢ়ক :Swanirbhar Nari scheme: হস্ততাঁত শিল্পক অধিক আগুৱাই নিয়াৰ পদক্ষেপ চৰকাৰৰ

ABOUT THE AUTHOR

...view details