ছয়গাঁও, 19 জুলাই :এইবাৰ দা-কুঠাৰ নহয় দক্ষিণ কামৰূপৰ পলাশবাৰীৰ দখলাত পিতৃয়ে মন্দিৰৰ ত্ৰিশূলেৰে হানি খুচি হত্যা কৰিলে পুত্ৰক ৷ দেওবাৰে নিশা মনোজ শৰ্মা নামৰ 22 বছৰীয়া যুৱকজনে সুৰাপান কৰি ঘৰত অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰাত অতিষ্ঠ হৈ পৰিছিল পৰিয়ালৰ লোকসকল ৷ ইয়াৰ পিছতেই পিতৃ পবিত্ৰ শৰ্মাই খঙত অগ্নিশৰ্মা হৈ চোতালতে থকা মন্দিৰৰ ত্ৰিশূলেৰে পুত্ৰৰ পেটত হানি খুচি আক্ৰমণ কৰে ৷
ফলত লগে লগে পুত্ৰ মনোজ শৰ্মা চোতালত ঢলি পৰে । কিছু সময় পিছত বিজয়নগৰৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহত যুৱকজনক মিৰ্জাৰ চিকিৎসালয়লৈ লৈ যায় যদিও ইতিমধ্যেই মনোজ শৰ্মাৰ মৃত্যু ঘটে । অৱশ্যে পুত্ৰক হত্যা কৰা পবিত্ৰ শৰ্মাই লগে লগে বিজয়নগৰ আৰক্ষী চকীত আত্মসমৰ্পণ কৰে ৷ পিতৃয়ে ত্ৰিশূলেৰে হানি খুচি পুত্ৰক হত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷