অসম

assam

ETV Bharat / state

মেঘালয়ৰ পানীৰ ঢলৰ কৱলত কামৰূপৰ হাজাৰ হাজাৰ বিঘা কৃষি ভূমি - মেঘালয়ৰ পৰা অহা পানীৰ ঢলে তাণ্ডৱ সৃষ্টি কৰিছে দক্ষিণ কামৰূপত

বিশেষকৈ ছয়গাঁৱৰ গৰৈমাৰীৰ হাতীশলা,লাউৰুৱাজান,ভলুকাবাডী আৰু বকোৰ বনগাঁওৰ কলহীকাষ,তামুলদি,১নং জামবাৰী,শিঙিমাৰী আৰু ছমৰীয়া ৰাজহ চক্ৰৰ কুৰিটাখনতকৈ অধিক গাঁও পানীৰ ঢলে বুৰাই পেলোৱাৰ ফলত মূৰে কপালে হাত দিবলগীয়া হৈছে অঞ্চলটোৰ কৃষি-কৰ্মৰ সৈতে জৰিত লোকসকলে ৷

Farmland damaged for flood at Chaygaon in Kamrup
মেঘালয়ৰ পানীৰ ঢলৰ কবলত কামৰূপৰ হাজাৰ হাজাৰ বিঘা কৃষি ভূমি

By

Published : Jun 1, 2020, 4:50 PM IST

বকো, 1 জুন :বিগত দিনৰ ধাৰাষাৰ বৰষুণৰ ফলত মেঘালয়ৰ পৰা অহা পানীৰ ঢলে তাণ্ডৱ সৃষ্টি কৰিছে দক্ষিণ কামৰূপত । মেঘালয়ৰ পৰা নামি অহা পানীত বুৰ গৈছে ছয়গাঁও আৰু বকো অঞ্চলৰ হাজাৰ বিঘা কৃষি ভূমি। কলহী নৈৰ পানীয়ে ইতিমধ্যে বুৰাই পেলাইছে বনগাঁও,গৰৈমাৰী আৰু ছমৰীয়া ৰাজহ চক্ৰৰ শতাধিক গাঁও ৷

মেঘালয়ৰ পানীৰ ঢলৰ কবলত কামৰূপৰ হাজাৰ হাজাৰ বিঘা কৃষি ভূমি

বিশেষকৈ ছয়গাঁৱৰ গৰৈমাৰীৰ হাতীশলা,লাউৰুৱাজান,ভলুকাবাডী আৰু বকোৰ বনগাঁওৰ কলহীকাষ,তামুলদি,১নং জামবাৰী,শিঙিমাৰী আৰু ছমৰীয়া ৰাজহ চক্ৰৰ কুৰিটাখনতকৈ অধিক গাঁও পানীৰ ঢলে বুৰাই পেলোৱাৰ ফলত মূৰে কপালে হাত দিবলগীয়া হৈছে অঞ্চলটোৰ কৃষি-কৰ্মৰ সৈতে জৰিত লোকসকলে ৷

লগতে পঢ়কঃ ডুমডুমাৰ বাইপাছত টায়াৰ জ্বলাই পথ অৱৰোধ

উল্লেখ্য যে,সুতত বা বেংকৰ পৰা ঋণ লৈ খেতি কৰা কৃষকসকলক উদ্ধাৰ কৰিবলৈ এতিয়া চৰকাৰক আহ্বান জনাইছে ভুক্তভোগী কৃষকসকলে ৷

ABOUT THE AUTHOR

...view details