বাইহাটা , 28 এপ্ৰিল :কামৰূপ জিলাৰ অন্তৰ্গত কমলপুৰত কেইবা শতাধিক কৃষকে কামৰূপ জিলা প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ আল্টা গাঁৱৰ সাতামপুৰুষীয়া এটি জলাশয় পুতি এগৰাকী বিতৰ্কিত ব্যৱসায়ীয়ে উদ্যোগ স্থাপন কৰিবলৈ লোৱা কাৰ্যত ক্ষুব্ধ হৈ কৃষিজীৱি লোকসকলে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷
কৃষকৰ প্ৰতিবাদত উত্তাল কমলপুৰ - কমলপুৰ
ইতিহাস প্ৰসিদ্ধ নৰকাসুৰ পথৰ কাষৰ মাটি ক্ৰয় কৰি বিতৰ্কিত ব্যৱসায়ী পৱন সোনীয়ে এফালৰ পৰা জলাশয়টো পুতি অঞ্চলটোলৈ ভাবুকি কঢ়িয়াই আনিছে বুলি কৃষকসকলে জানিবলৈ দিয়ে ৷ অঞ্চলটোৰ জৈৱ-বৈচিত্ৰৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিব পৰা বিষয়টোৰ সন্দৰ্ভত অঞ্চলবাসীয়ে কামৰূপ জিলা প্ৰশাসন আৰু কমলপুৰ ৰাজহ চক্ৰ বিষয়াক বাৰম্বাৰ অৱগত কৰে যদিও এইক্ষেত্ৰত প্ৰশাসনে ৰহস্যজনক ভুমিকা গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকসকলে ৷
কমলপুৰ মৰোৱা পথৰ দলঙৰ কাষত যি জলাশয় আছে সেয়া কেইবা শ বছৰ ধৰি বৃহত্তৰ অঞ্চলটোৰ পানী যোৱা একমাত্ৰ পথ হোৱাৰ লগতে অঞ্চলটোৰ মাছ, কাছ , জলজ প্ৰাণী আৰু পৰিভ্ৰমী পক্ষীৰ আৱাসভূমি ৷ জলাশয়টোৰ সোমাজেৰে আছে ইতিহাস প্ৰসিদ্ধ নৰকাসুৰ পথ ৷ কৃষক সকলৰ অভিযোগ অনুসৰি বৃহত্তৰ অঞ্চলটোৰ পানী নিষ্কাষণৰ একমাত্ৰ পথটো অনা অসমীয়া ব্যৱসায়ীগৰাকীয়ে পুতি পেলায় ৷
ইতিহাস প্ৰসিদ্ধ নৰকাসুৰ পথৰ কাষৰ মাটি ক্ৰয় কৰি বিতৰ্কিত ব্যৱসায়ী পৱন সোনীয়ে এফালৰ পৰা জলাশয়টো পুতি অঞ্চলটোলৈ ভাবুকি কঢ়িয়াই আনিছে বুলি কৃষকসকলে জানিবলৈ দিয়ে ৷ অঞ্চলটোৰ জৈৱ-বৈচিত্ৰৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিব পৰা বিষয়টোৰ সন্দৰ্ভত অঞ্চলবাসীয়ে কামৰূপ জিলা প্ৰশাসন আৰু কমলপুৰ ৰাজহ চক্ৰ বিষয়াক বাৰম্বাৰ অৱগত কৰে যদিও এইক্ষেত্ৰত প্ৰশাসনে ৰহস্যজনক ভুমিকা গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকসকলে ৷ সেয়ে অঞ্চলটোৰ ক্ষোভিত কৃষকসকলে জলাশয়টোৰ কাষত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে কৃষিজীৱি লোকসকলে কৃষি ভূমিসমুহ ৰক্ষা কৰিবলৈ জিলা প্ৰশাসনক দাবী জনায় ৷