অসম

assam

ETV Bharat / state

কৃষকলৈ দুৰাৱস্থা মাতিছে ক’ভিডৰ নতুন নিৰ্দেশনাই - খেতিয়ক

ৰাজ্য চৰকাৰে জাৰি কৰা ক’ভিডৰ নতুন নিৰ্দেশনাৰ পাচতে কৃষি ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ৰঙিয়াৰ কৃষকসকল ৷ বৰ্তমান বজাৰ বন্ধ হোৱাৰ লগতে ঘৰে ঘৰে গৈ বিক্ৰী কৰাৰ সময় সীমিত হোৱা পৰিলক্ষিত হৈছে ৷ শংকাত ভুগিছে কৃষক ৰাইজ ৷

farmers problem for new covid sop at rangia
ৰঙিয়াৰ কৃষকৰ দুৰাৱস্থা

By

Published : May 21, 2021, 10:29 AM IST

ৰঙিয়া, 21 মে’:ক’ভিডৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে নতুন নিৰ্দেশনা জাৰি কৰিছে যদিও এই নিৰ্দেশনা জাৰি হোৱাৰ পাচতে বৃহৎ লোকচানৰ সন্মুখীন হৈছে কৃষক ৰাইজ ৷ ৰঙিয়াত পৰিলক্ষিত হৈছে এই দৃশ্য ৷

কৃষকসকলৰ পথাৰতেই নষ্ট হৈ ৰবি শস্যসমূহ ৷ কিয়নো বৰ্তমান বজাৰ বন্ধ হৈ থকাৰ লগতে ঘৰে ঘৰে গৈ বিক্ৰী কৰাৰ সময় সীমিত ৷ খেতিয়কসকলে নিজ নিজ অঞ্চলৰ পৰা বিক্ৰী কৰা ঠাই গৈ পোৱালৈকে ঘৰলৈ উভতাৰ সময় আহি পৰে ৷

ৰঙিয়াৰ কৃষকৰ দুৰাৱস্থা

সেয়েহে এতিয়া এনেদৰেই পথাৰতে অপচয় হ’বলৈ ধৰিছে বেঙেনা, ভেন্দি, জিকাকে ধৰি সকলো শাক-পাচলি ৷ ইয়াৰ ফলস্বৰূপে হতাশ হৈ মূৰে-কপালে হাত দিবলগীয়া হৈছে কৃষক ৰাইজে ৷

বিভিন্ন বেংকৰ পৰা ঋণ আদি লৈ ব্যৱসায়িক ভিত্তিত খেতি কৰি এতিয়া আংশিক লকডাউনৰ বাবে ব্যাপক লোকচানৰ সন্মুখীন হৈছে খেতিয়কসকল । ইয়াৰোপৰি বেপাৰীয়ে পথাৰৰ পৰা শস্য কিনিবলৈ আহি খেতিয়কক উচিত মূল্য নিদিয়ে বুলিও জানিবলৈ দিয়ে কৃষকসকলে ।

আৰ্থিক দুৰাৱস্থাৰ বাবে এইসকল খেতিয়কে পৰিয়াল পোহপাল দিব নোৱাৰি হতাশ হৈ পৰিছে । এসাঁজ খাই এসাঁজ লঘোণে থকাৰ লেখীয়া হৈছে । গতিকে ৰাজ্যৰ কৃষি বিভাগ কিম্বা চৰকাৰে কৃষকসকলৰ এই লোকচানৰ জোৰা মৰাৰ ব্যৱস্থা কৰিবনে?

লগতে পঢ়ক :ৰিতুল শইকীয়াৰ মুকলি সন্দৰ্ভত পত্নীৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details