ৰঙিয়া,18 জুলাই:বানে বিধংসী ৰূপ ধাৰণ কৰাৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজ্যৰ কৃষকসকলৰ মাজত (Flood in Assam) ৷ হাজাৰ হাজাৰ কৃষিভূমি চকুৰ পচাৰতে ক্ষতিগ্ৰস্ত কৰিছে বানে ৷ সমান্তৰালভাৱে ৰঙিয়াৰ ধুহিবালাত কৃষকৰ হাহাকাৰ(Farmers of Dhuhibala in Rangia) । কিছুদিন আগতে হৈ যোৱা বৰলীয়া নৈৰ বানে অঞ্চলটোৰ হেজাৰ হেজাৰ বিঘা কৃষিভূমি নষ্ট কৰি পেলাইছে (Floods destroy crops at Rangia) ।
এই পৰ্যন্ত ভালকৈ পানী নুশুকোৱাৰ ফলত আজি পৰ্যন্ত পানীৰ তলত অঞ্চলটোৰ কৃষকসকলৰ সপোনৰ ধাননি পথাৰ ৷ বানত পচি যোৱা ধাননি পথাৰত এতিয়া কেৱল কৃষকৰ হা-হুমুনিয়াহ । বছৰটোৰ দ্বিতীয়টো বানৰ ফলত বৰলীয়া নৈৰ পানী ওফন্দি উঠি কাষৰীয়া প্ৰায়বোৰ ঠায়ে প্লাৱিত কৰে ৷ এই বানে ৰঙিয়াৰ ধুহিবালাৰ বড়ো ধানৰ খেতিসমুহ নষ্ট কৰে ৷ ফলত পচি যোৱা ধান, খেৰ আদি গৰু-ছাগলীক খুৱাবলৈ বাধ্য হৈছে ৷ এতিয়া অঞ্চলটোৰ খাটিখোৱা কৃষকসকলে মূৰে-কপালে হাত দিব লগীয়া পৰিস্থিত হৈছে ৷