বকো, 12 জুলাইঃ বকোৰ মেধিপাৰাত বকো নদীত সন্ধানহীন এজন খেতিয়ক ৷ ঘটনাৰ বিৱৰণী অনুসৰি, মেধিপাৰা গাৱঁৰ কাষতে থকা গোপ্তা পথাৰত দেৱেশ্বৰ দাস নামৰ ৬৫ বছৰীয়া লোকজনে কাম কৰিবলৈ গৈ নৈ পাৰ হৈ ঘৰমূৱা হওতেই নদীৰ মাজত বিলীন হৈ যায় । এই ঘটনা লক্ষ্য কৰি আছিল ওচৰতে পথাৰত কাম কৰি থকা গৌতম দাস নামৰ আন এজন খেতিয়কে ।
বকো নদীত সন্ধানহীন কৃষক - ASSAM FLOOD
ঘটনাৰ পাছতে গৌতম নামৰ খেতিয়কজনে স্থানীয় ৰাইজ তথা বকো আৰক্ষীক খবৰ দিয়াত লোকজনৰ সন্ধানত অভিযান আৰম্ভ কৰে ৷ ইতিমধ্যে ঘটনাস্থলীত বকো এছ ডি আৰ এফৰ দল উপস্থিত হৈ অভিযান আৰম্ভ কৰিছে যদিও গধূলিপৰ্যন্ত উদ্ধাৰ কৰিব পৰা নাই লোকজনক ৷
বকো নদীত সন্ধানহীন কৃষক
ঘটনাৰ পাছতে গৌতম নামৰ খেতিয়কজনে স্থানীয় ৰাইজ তথা বকো আৰক্ষীক খবৰ দিয়াত লোকজনৰ সন্ধানত অভিযান আৰম্ভ কৰে ৷ ইতিমধ্যে ঘটনাস্থলীত বকো এছ ডি আৰ এফৰ দল উপস্থিত হৈ অভিযান আৰম্ভ কৰিছে যদিও গধূলিপৰ্যন্ত উদ্ধাৰ কৰিব পৰা নাই লোকজনক ৷ ঘটনাক কেন্দ্ৰ কৰি মৰ্মাহত হৈ পৰিছে অঞ্চলবাসী ৷
Last Updated : Jul 12, 2020, 10:42 AM IST