অসম

assam

ETV Bharat / state

আজাৰাত কৃষি বিজ্ঞান কেন্দ্ৰত ৰাজ্যিক পৰ্যায়ৰ কৃষক মেলা - farmer fair

কৃষকসকলৰ আয় দুগুন বৃদ্ধি কৰাৰ উদ্দেশ্যে অনুস্থিত হয় এই কৃষক মেলা ।

ৰাজ্যিক পৰ্যায়ৰ কৃষক মেলা
ৰাজ্যিক পৰ্যায়ৰ কৃষক মেলা

By

Published : Feb 28, 2020, 9:07 AM IST

আজাৰা , 28 ফেব্ৰুৱাৰী:বুধবাৰে আজাৰাৰকাহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰত অনুস্থিত হয় এখন কৃষক মেলা । দুদিনীয়া কাৰ্যসূচীৰে অনুস্থিত এই ৰাজ্যিক পৰ্যায়ৰ কৃষক মেলা বিভিন্ন কাৰ্যসুচীৰে বৃহস্পতিবাৰে সামৰণী পৰে । কৃষকসকলৰ আয় দুগুন বৃদ্ধি কৰাৰ উদ্দেশ্যে অনুস্থিত হয় এই কৃষক মেলা ।

ৰাজ্যিক পৰ্যায়ৰ কৃষক মেলা

ৰাজ্যিক পৰ্যায়ত অনুস্থিত হোৱা এই কৃষক মেলাত কৃষি মন্ত্ৰী অতুল বৰা, সাংসদ কুইন ওজাৰ লগতে বহুতো কৃষি বিজ্ঞানী উপস্থিত থাকি সকলো কৃষককে উৎসাহিত কৰাৰ লগতে কৃষি ক্ষেত্ৰত কিদৰে লাভাম্বিত হ'ব পাৰি তাৰ পৰামৰ্শ আগবঢ়াই । কৃষক মেলাত ৰাজ্যৰ বিভিন্ন জিলাৰ কৃষকসকলে অংশগ্ৰহণ কৰে । আনহাতে এই কৃষক মেলাতে বিভিন্ন কৃষিজাত সমগ্ৰীও প্ৰদৰ্শন কৰা হয় ।

লগতে পঢ়কঃ পাথাৰকান্দিত চুৰি বাইকসহ আটক দুই গভাইত চোৰ

ABOUT THE AUTHOR

...view details