অসম

assam

ETV Bharat / state

ফেনীৰ প্ৰভাৱঃ ৰেল যাতায়ত ব্যাহত হোৱাৰ ফলত যাত্ৰীৰ হাহাকাৰ

ওড়িশাত তাণ্ডৱ চলোৱা ফেনীয়ে আতংকিত কৰি তুলিছে ৰঙিয়াবাসীক। বিগত কেইবাদিনৰ পৰা ৰঙিয়াৰ আকাশ একেৰাহে মেঘাচ্ছন্ন হৈ থকাৰ পাচত শুকুৰবাৰে ৰাতিৰ পৰা বতাহৰো প্ৰকোপ বৃদ্ধি পাইছে ৷ লগতে বৃদ্ধি হৈছে ৰঙিয়াৰ মাজেৰে বোৱা বৰলীয়া নৈৰ জলস্তৰ ।

By

Published : May 4, 2019, 12:01 PM IST

ফেনীৰ প্ৰভাৱ

ৰঙিয়া ,4 মেঃ ৰঙিয়াতো ফেনীৰ প্ৰভাৱ ৷ ৰেল যাতায়ত বাতিল হোৱাৰ পৰিপ্ৰেক্ষিতত ষ্টেচনত যাত্ৰীৰ হাহাকাৰ।ওড়িশাত তাণ্ডৱ চলোৱা ফেনীয়ে ৰঙিয়াবাসীক আতংকিত কৰি তুলিছে। বিগত কেইবাদিনৰ পৰা ৰঙিয়াৰ আকাশ একেৰাহে মেঘাচ্ছন্ন হৈ থকাৰ পাচত শুকুৰবাৰে ৰাতিৰ পৰা বতাহৰো প্ৰকোপ বৃদ্ধি পাইছে ৷ লগতে বৃদ্ধি হৈছে ৰঙিয়াৰ মাজেৰে বোৱা বৰলীয়া নৈৰ জলস্তৰ ।

ৰেল যাতায়ত ব্যাহত হোৱাৰ ফলত যাত্ৰীৰ হাহাকাৰ

লগতে পঢ়ক : ফেণীৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰীত বন্ধ ফেৰীসেৱা

আনহাতে ৰঙিয়া ৰেল ষ্টেচনত ৰেল বিভাগে ছেকেন্দ্ৰাবাদ এক্সপ্ৰেছ, ত্ৰিবান্দ্ৰম এক্সপ্ৰেছ বাতিল কৰাৰ ফলত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়। শুকুৰবাৰে তাম্বাৰাম এক্সপ্ৰেছখন ৰঙিয়া ৰেল জংচনত ৰখাই যাত্ৰীসকলক ৰেলৰ পৰা নমাই দিয়া হয়। ইয়াৰ পাচতে তাম্বাৰাম এক্সপ্ৰেছখন গুৱাহাটী অভিমুখে উভতাই পঠায়। তাৰ পাচতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৰঙিয়া ৰেল জংচনত । ৰেল জংচনটোত যাত্ৰীসকল কোন দিশে গতি কৰিব তাৰ কোনো ঠিকনা নোহোৱা হৈ বিভিন্ন সমস্যাৰ সন্মুখীন হয়। দূৰ-দূৰণিৰ যাত্ৰীসকলে ৰঙিয়া ৰেল জংচনতে আশ্ৰয় লৈছে।

ABOUT THE AUTHOR

...view details