- দক্ষিণ কামৰূপৰ বকো আৰু ছয়গাঁৱৰ উত্তৰ - পশ্চিমাঞ্চলত ফেণীৰ প্ৰভাৱ
- নেৰানেপেৰা বৰষুণৰ ফলত কলহী নৈৰ পাৰ ভাঙি পানীৰ তলত বহু অঞ্চল
- বাঢ়নী পানীৰ তাণ্ডৱত উপায়ন্তৰ হৈ পৰিছে কৃষক ৰাইজ
- ছয়গাঁও আৰু বকো সমষ্টিৰ ইৰি খেতি পথাৰ ইতিমধ্যে পানীত বুৰ গৈছে
- ধান চপোৱাৰ দিন চমু চাপি অহাৰ সময়তে দিগবিদিক হেৰুৱাইছে কৃষকে
- প্ৰায় ১০ হাজাৰ ইৰি খেতিৰ ভূমি বৰ্তমান পানীৰ তলত
- ৰাস্তা - ঘাট বুৰ যোৱাত যোগাযোগো বিচ্ছিন্ন হৈ পৰিছে অঞ্চলটোত
দক্ষিণ কামৰূপৰ বকোত ফেণীৰ প্ৰভাৱ - ETV BHARAT
দক্ষিণ কামৰূপৰ বকো আৰু ছয়গাঁৱৰ উত্তৰ - পশ্চিমাঞ্চলত ফেণীৰ প্ৰভাৱে জলমগ্ন কৰি তুলিছে বহু অঞ্চল ৷ কলহী নৈৰ বাঢ়নী পানীৰ তাণ্ডৱত কৃষক ৰাইজ উপায়ন্তৰ হৈ পৰাৰ লগতে ৰাস্তা - ঘাট বুৰ যোৱাত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে ৷
দক্ষিণ কামৰূপৰ বকোত ফেণীৰ প্ৰভাৱ