অসম

assam

ETV Bharat / state

সাৱধান অসমত প্ৰৱেশ কৰিছে ফেনী ! ক'ত ক'ত পৰিব ফেনীৰ প্ৰভাৱ ?

ওড়িশাৰ পাচত তীব্ৰবেগেৰে পশ্চিমবংগ হৈ উত্তৰ পূৰ্বাঞ্চললৈ আহি আছে বিধ্বংসী ঘূৰ্ণীবতাহ ফেনী ৷ ফেনীৰ বাবে সতৰ্কবাণী জাৰি কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৷ ফেনীৰ প্ৰভাৱত বৃহস্পতিবাৰৰে পৰা প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্যা ৰাজ্যসমূহত ৷

By

Published : May 3, 2019, 7:46 PM IST

সাৱধান অসমত প্ৰৱেশ কৰিছে ফেনী ! ক'ত ক'ত পৰিব ফেনীৰ প্ৰভাৱ ?

গুৱাহাটী, 3 মে' : ঘন্টাত ১৭৫ পৰা ১৮৫ কি.মি বেগৰে অহা ফেনী ঘূৰ্ণীবতাহে ৪ মে'ত প্ৰৱেশ কৰিব উত্তৰ-পূৰ্বাঞ্চলত ৷ অসমত অৱশ্যে ধুমুহাৰ গতি হ্ৰাস হৈ ঘন্টাত ৬০ পৰা ৮০ কিমি বেগ হ'ব বুলি জনায় বতৰ বিজ্ঞান কেন্দ্ৰই ৷ ফেনীৰ বাবে 4 আৰু 5 মে'ত ৰাজ্যত তীব্ৰ বৃষ্টিপাতৰো আশংকা কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷

সাৱধান অসমত প্ৰৱেশ কৰিছে ফেনী ! ক'ত ক'ত পৰিব ফেনীৰ প্ৰভাৱ ?

অসমৰ ক'ত ক'ত পৰিব ফেনীৰ প্ৰভাৱ ?

  • অসমৰ ধুবুৰী, কোকৰাঝাৰ,গোৱালপাৰা,বঙাইগাঁও,চিৰাং, বৰপেটা, কামৰূপ, দক্ষিণ শালমৰা, মানকাচৰ আৰু বাক্সাৰ ঠাই বিশেষে বৃষ্টিপাতৰ কমলাৰঙী সতৰ্কতা জাৰি কৰিছে ।
  • ইয়াৰ বিপৰীতে নলবাৰী,কামৰূপ (মহানগৰ),দৰং, মৰিগাঁও, শোণিতপুৰ, কাছাৰ আৰু কৰিমগঞ্জত বৃষ্টিপাতৰ হালধীয়া ৰঙী সতৰ্কতা জাৰি কৰিছে প্ৰশাসনে ।
  • দেওবাৰে বঙাইগাঁও,চিৰাং, বৰপেটা, নলবাৰী, বাক্সা, শোণিতপুৰ, ওদালগুৰি জিলাত প্ৰৱলৰ পৰা প্ৰৱলতৰ বৃষ্টিপাতৰ আশংকা। ধুবুৰী, কোকৰাঝাৰ, গোৱালপাৰা, কামৰূপ, কামৰূপ (মহানগৰ), দক্ষিণ শালমৰা, মানকাচৰ, নগাঁও, হোজাই, বিশ্বনাথ, পশ্চিম কাৰ্বি আংলং, যোৰহাট, মাজুলী, লখিমপুৰ, ধেমাজি আৰু ডিব্ৰুগড়ত প্ৰৱল বৃষ্টিপাতৰ আশংকাত কমলাৰঙী সতৰ্কতা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ।
  • 3 ৰ পৰা 5 মে'লৈ অসমৰ লগতে মেঘালয়, অৰুণাচল, নাগালেণ্ড, ত্ৰিপুৰা, মণিপুৰ মিজোৰাম আৰু ত্ৰিপুৰাতো তীব্ৰ বৰষুণৰ আশংকা বতৰ বিজ্ঞান কেন্দ্ৰৰ৷

ABOUT THE AUTHOR

...view details