অসম

assam

ETV Bharat / state

ফাঁচী বজাৰত দেৱালত চিত্ৰ অংকন কৰি সজাগতামূলক বাৰ্তা বেচৰকাৰী সংস্থাৰ - ফাঁচী বজাৰত দেৱালত চিত্ৰ অংকন

ফাঁচী বজাৰৰ জেল ৰ'ডৰ পথৰ দাঁতিত থকা বৃহৎ দেৱালত চিত্ৰ অংকন কৰি সজাগতামূলক বাৰ্তা দিয়াৰ প্ৰয়াস লায়ন্স ক্লাৱ গল্ড আৰু ফেন্স ক্লাৱ ফেঞ্চি নামৰ দুটা বেচৰকাৰী সংস্থাৰ ৷

fancy bazar wall drawing  for corona safety
ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে ফাঁচী বজাৰত দেৱালত চিত্ৰ অংকন

By

Published : May 2, 2020, 8:59 PM IST

গুৱাহাটী,2 মে'ঃফাঁচী বজাৰৰ জেল ৰ'ডৰ পথৰ দাঁতিত থকা বৃহৎ দেৱাল খন বহু দিন অপৰিষ্কাৰ হৈ আছিল। কিন্তু লায়ন্স ক্লাৱ গল্ড আৰু ফেন্স ক্লাৱ ফেঞ্চিৰ যুঁটীয়া প্ৰচেষ্টাৰ ফলত লোৱা এক সুন্দৰ পদক্ষেপে সলনি কৰিছে দেৱালখন । বৃহৎ দেৱালখন চাফা চিকুণ কৰাৰ লগতে দেৱালখনত বিভিন্ন চিত্ৰ অংকন কৰা দেখা গৈছে। ফেন্স ক্লাৱৰ সম্পাদক গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি বহু দিন অপৰিষ্কাৰ হৈ থকা দেৱাল খন চাফা চিকুন কৰি ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে চিত্ৰ অংকন কৰি সজাগতামূলক বাৰ্তা দিয়াৰ এক ক্ষুদ্ৰতম প্ৰয়াস কৰিছে দুয়োটা বেচৰকাৰী সংস্থাই।

ফাঁচী বজাৰত দেৱালত চিত্ৰ অংকন

আনহাতে ক'ৰণা ভাইৰাছৰ পৰা মানৱ জাতিক ৰক্ষা কৰিবৰ বাবে দিনে নিশাই সেৱা আগবঢ়াই যোৱা প্ৰতিজন লোকলৈ ধন্যবাদ জ্ঞাপনৰ উদ্দেশ্য কিছু চিত্ৰ সেই লোক সকলৰ শ্ৰদ্ধাৰ বাবে অংকন কৰাৰ কথাও ক'লে লায়ন্স ক্লাৱ গ'ল্ডৰ সম্পাদক গৰাকীয়ে।

ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে ফাঁচী বজাৰত দেৱালত চিত্ৰ অংকন কৰি সজাগতামূলক বাৰ্তা বেচৰকাৰী সংস্থাৰ

আনহাতে লায়ন্স ক্লাৱ গ'ল্ড আৰু ফেন্স ক্লাৱ ফেঞ্চিৰ এই পদক্ষেপক শলাগিছে ফেঞ্চি বজাৰ ট্ৰেফিকৰ দায়িত্বত থকা আৰক্ষী সকলে । বেচৰকাৰী সংস্থা দুটাৰ এই পদক্ষেপক লৈ এতিয়া বিভিন্ন জনে প্ৰশংসা কৰিছে। এই পদক্ষেপক শীঘ্ৰে সম্পূৰ্ণ কৰি তুলিবলৈ এতিয়া দিনে নিশাই কাম কৰি গৈছে সকলোৱে। নিৰ্জীৱ দেৱালয়খনক জীৱিত কৰাৰ পূৰ্ণ প্ৰচেষ্টা এতিয়া হাতত লৈছে এই সকল শিল্পীয়ে আৰু এনেদৰে লক্ ডাউনৰ কঠিনতাৰ মাজতে শুভ কাৰ্য চলি আছে মহানগৰীৰ বিভিন্ন স্থানৰ লগতে অসমৰ ভিন্ন প্ৰান্তত।

চিত্ৰ অংকন কৰি সজাগতামূলক বাৰ্তা বেচৰকাৰী সংস্থাৰ

ABOUT THE AUTHOR

...view details